30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ
উপ নিৰ্বাচনৰ বাবে অহা 30 অক্টোবৰত ৰাজ্যৰ পাঁচোটা সমষ্টিতে Paid Holiday ঘোষণা কৰিছে অসম চৰকাৰে ৷ তামুলপুৰ, মৰিয়নী, থাওৰা, গোসাইগাঁও, ভৱানীপুৰ সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷
ৰাজকন্যা-শ্বেৰমানৰ জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে
মঙলবাৰে ৰাজকন্যা বৰুৱাই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ দিন আছিল যদিও চাৰ্জশ্বীট দিয়া বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যা বৰুৱাই । ইফালে শ্বহীদক অপমান কৰা আৰু বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলিৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
দীৰ্ঘদিনৰ বিৰতিৰ অন্তত নিৰ্বাচনী প্ৰচাৰত ভৰত নৰহ
বহুদিনৰ বিৰতিৰ অন্তত নিৰ্বাচনী প্ৰচাৰত নামিছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহ(Bharat Narah) আৰু তেওঁৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ(Ranee Narah) ৷ সমাগত উপ-নিৰ্বাচন(By Election)ৰ বাবে প্ৰচাৰ চলাবলৈ মঙলবাৰে বোকাখাতত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ ৷ ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi) আৰু সুশান্ত বৰগোঁহাই(Sushanta Borgohain)ক প্ৰতাৰক আখ্যা দিয়ে ভৰত নৰহে ৷ লগতে থাওৰা আৰু মৰিয়নী সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত বুলিও তেওঁ মন্তব্য কৰে ৷ মূল্যবৃদ্ধি(Price Hike)য়ে ৰাইজক যথেষ্ট জ্বলা-কলা খুৱাইছে ৷ ৰাইজে ইয়াৰ হিচাপ নিৰ্বাচনত দিব বুলিও তেওঁ কয় ৷
"বিশ্বই কিয় আমাক নীৰৱে মৰি থকা চাই আছে ?": আফগানিস্তানৰ মহিলাৰ প্ৰশ্ন
মঙলবাৰে নিজৰ শিক্ষাৰ অধিকাৰ আৰু কাম কৰাৰ অধিকাৰ বিচাৰি কাবুলত প্ৰতিবাদ প্ৰায় এক ডজন নাৰী অধিকাৰ কৰ্মীসকলৰ ৷ আফগানিস্তানৰ সংকট সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়সমূহৰ নিষ্ক্ৰিয়তাক লৈ এই প্ৰশ্ন দেশখনৰ মহিলা এক্টিভিষ্টসকলৰ ৷
7 টা দাবীৰে অসম চিকিৎসা সেৱা সন্থাৰ কৰ্মবিৰতি আন্দোলন
কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়(Barpeta Civil Hospital)ত অসম চিকিৎসা সেৱা সন্থা(AMSA)ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ ৷ বহিঃবিভাগৰ স্বাস্থ্য সেৱা বন্ধ ৰাখি চিকিৎসালয়ৰ চৌহদত 7 দফীয়া দাবীৰে আমছাই ৰূপায়ণ কৰে কৰ্মবিৰতি আন্দোলন । 19 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই আন্দোলন পুৱা 8 বজাৰ পৰা দিনৰ 11 বজালৈ ৰূপায়ণ কৰি অহাৰ উপৰিও 26, 27 আৰু 28 অক্টোবৰত সম্পূৰ্ণৰূপে বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰাখি কৰ্মবিৰতি আন্দোলনৰ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ চিকিৎসকে ৷ চিকিৎসকৰ কেদাৰৰ পুনৰীক্ষণ আৰু পুনঃনিয়োজন (Cadre Revision) কৰা, টাইম স্কেল (Time Scale)পদোন্নতিৰ ব্যৱস্থা কৰা, জ্যেষ্ঠ চিকিৎসকতকৈ কনিষ্ঠ চিকিৎসকে বেছিকৈ পাই থকা দৰমহাৰ আসোঁৱাহ দূৰ কৰি ন্যায় প্ৰদান কৰা আদি মুঠ 7 টা দাবী জনায় আমছাই ৷ লগতে শীঘ্ৰেই এই দাবীসমূহ পূৰণ নহ’লে আন্দোলন অব্যাহত থাকিব বুলি চৰকাৰ তথা সংশ্লিষ্ট বিভাগক হুংকাৰ দিয়ে ।