জোনাই, 3 জুলাই:জোনাইত বাৰিষাৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে চলাইছে কাঠৰ চোৰাং বেহা ৷ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ (Poba Reserve Forest) পৰা অবৈধভাৱে গছ কাটি চিয়াঙৰ বুকুৱেদি চোৰাংকৈ সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহে (Illegal logging in Jonai) ৷ এই তথ্য লাভ কৰাৰ পাচতে শনিবাৰে জোনাইৰ কেইজনমান সাংবাদিক আৰু কেইজনমান TMPKৰ (Takam Mising Porin Kebang) কৰ্মীৰ নেতৃত্বত কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলায় চিয়াং নৈৰ(Siang River in Jonai) বুকুত ৷
উক্ত অভিযানৰ সময়ত চিয়াঙৰ বুকুৱেদি চোৰাংকৈ এখন নাৱত নিয়া কাঠৰ কুন্দা অভিযানকাৰী দলটোৱে জব্দ কৰে জোনাই বন বিভাগৰ সহায়ত ৷ নাওখনেৰে বহু মূল্যৱান কাঠৰ খুন্দা কঢ়িয়াই থকা হৈছিল চোৰাংকৈ ৷ ইয়াৰ সমান্তৰালকৈ চিয়াং নদীৰ চৰ-চাপৰি সমূহতো কেইবাটাও কাঠৰ কুন্দা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে দলটোৱে ৷ বাৰিষাৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে জোনাইৰ পবা বনাঞ্চলৰ পৰা মূল্যবান গছ কাটি এনেদৰে চিয়াং নদীৰে চোৰাংকৈ নি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ কৰিছে স্থানীয় TMPK কৰ্মীয়ে ৷