জোনাই, ১৯ ছেপ্টেম্বৰ :‘‘বিশ্বৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি এক কোটি গছ ৰোপণ কৰাৰ যি সিদ্ধান্ত লৈছে, সেয়া প্ৰশংসনীয় পদক্ষেপ ৷ ধৰাখন সেউজীয়া কৰাৰ এই পদক্ষেপক আমি আদৰণি জনাইছো ৷ কিন্তু প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে ৷ কেৱল ৰেকৰ্ড বা কাৰোবাৰ জন্মদিন উদযাপনৰ স্বাৰ্থত আজি আমি লক্ষ লক্ষ গছপুলি মৰি যোৱা আমি দেখিবলৈ পাইছো ৷ এয়া চৰকাৰৰ এক গৰিহণাযোগ্য কাৰ্যহে ৷’’ জোনাইত চৰকাৰে যোগান ধৰা বৃহৎ পৰিমাণৰ গছ পুলি অনাদৰত নষ্ট হোৱাৰ পিচতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ।
শৰ্মাই আৰু কয়, ‘‘ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো দেওবাৰে ৰোপণ কৰা হয় চৰকাৰে যোগান ধৰা গছপুলি । কিন্তু অভিলেখ সৃষ্টিৰ বাবে গছপুলি ৰোপণৰ নামত নষ্ট কৰা হাজাৰ হাজাৰ গছপুলি পৰি ৰ’ল জোনাইৰ কেমি জেলম গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত । অকল এয়াই নহয়, চৰকাৰে যোগান ধৰা হাজাৰ হাজাৰ গছপুলি ৰোপণৰ পূৰ্বেই শুকাই মৰহি গ’ল বিভিন্ন ঠাইত । কেমি জেলম গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাংগনতো একেই পৰিৱেশ দেখা গ’ল’’ ।