অসম

assam

ETV Bharat / state

Assam Mala Scheme: ধেমাজিত অসম মালা আঁচনিৰ পথ সম্প্ৰসাৰণত চৰকাৰী ধনৰ লুন্ঠনৰ অভিযোগ নস্যাৎ ক্ষতিগ্ৰস্ত পৰিয়ালৰ - চৰকাৰী ধনৰ লুন্ঠনৰ অভিযোগ

ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা সংযোগী পথচোৱাৰ মাটি অধিগ্ৰহণ ক্ষতিপূৰণৰ নামত কেলেংকাৰী সংঘটিত হোৱা কথা নস্যাৎ ক্ষতিগ্ৰস্ত পৰিয়ালৰ ৷ ইফালে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্যৰ সহায়ত অভিযোগকাৰীয়ে ১৪ গৰাকী ক্ষতিপূৰণকাৰীয়ে পোৱা ক্ষতিপূৰণৰ ধনৰ হিচাপ সংবাদমাধ্যমত ফাদিল কৰে ৷ আনহাতে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীৰ নিৰ্দেশমৰ্মে অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই এই অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে ৷

corruption in the Assam Mala Scheme
ধেমাজিত অসম মালা আঁচনিৰ পথ সম্প্ৰসাৰণত চৰকাৰী ধনৰ লুন্ঠনৰ অভিযোগ নস্যাৎ ক্ষতিগ্ৰস্ত পৰিয়ালৰ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 5:52 PM IST

ধেমাজিত অসম মালা আঁচনিৰ পথ সম্প্ৰসাৰণত চৰকাৰী ধনৰ লুন্ঠনৰ অভিযোগ নস্যাৎ ক্ষতিগ্ৰস্ত পৰিয়ালৰ

ধেমাজি, ২১ ছেপ্টেম্বৰ:অসম মালা আঁচনিৰ অধীনত ইতিমধ্যে ৰূপায়ণ হৈ থকা ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা সংযোগী পথচোৱাৰ মাটি অধিগ্ৰহণ ক্ষতিপূৰণৰ নামত ২৪,১৫,১৭,৬৪৪ টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ ক্ষতিগ্ৰস্ত পৰিয়ালে নস্যাৎ কৰে ৷ ইফালে কেঁচু খান্দোতে সাপ ওলোৱা ঘটনাৰ দৰে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্যৰ সহায়ত অভিযোগকাৰীয়ে ১৪ গৰাকী ক্ষতিপূৰণকাৰীয়ে পোৱা ক্ষতিপূৰণৰ ধনৰ হিচাপ সংবাদমাধ্যমত ফাদিল কৰে ৷

ধেমাজি প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অভিযোগকাৰী আৰু আত্মপক্ষই পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰি অভিযোগ-প্ৰতিঅভিযোগ কৰে ৷ সংবাদমেলত আত্মপক্ষৰ হৈ অমূল্য শইকীয়া, জয়ন্ত কোঁচ, চন্দ্ৰ দত্ত, বীৰেন শইকীয়া, পূৰ্ণ দত্ত, পংকজ মোহন য়েইন, ৰুবুল শইকীয়া, লীলা কোঁচ, বিশ্ব কোঁচ, ভাস্কৰ দত্ত, সঞ্জয় শইকীয়া, থানেশ্বৰ দত্ত, মৃদুলা কলিতা আৰু জয়ন্ত দত্ত স্বাক্ষৰিত প্ৰেছ বিবৃতিৰ জৰিয়তে সম্পূৰ্ণ চৰকাৰী নিয়মৰ আধাৰতেই ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ে তালিকাভুক্ত ১৪ টা পৰিয়ালক ক্ষতিপূৰণ দিয়া ব্যৱস্থা কৰা লগতে ইতিমধ্যে পঞ্চাশ শতাংশ ক্ষতিপূৰণ লাভ কৰা কথা তেওঁলোকে অৱগত কৰে ৷

সংবাদমেলত তেওঁলোকে জনোৱা মতে, পথচোৱা নিৰ্মাণৰ পূৰ্বে ধেমাজি ৰাজহ চক্ৰ বিষয়া, জিলা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগে যুটীয়াভাৱে প্ৰথমজৰীপ কৰোঁতেই মাছখোৱা চাৰিআলিৰ মৃল অংকৰ ছয়শ মিটাৰ দূৰৈৰ পৰা পথটো পূৰ্বৰ চলিত পথেৰে নগৈ ৬৬ ফুট বহলকৈ মাছখোৱা চাৰিআলিৰ পৰা ঢকুৱাখনালৈ যোৱা সংযোগী মূল অংশত সংযোগ কৰিব পৰাকৈ বেঁকাকৈ প্ৰাক্ কলন তৈয়াৰ দেখি ইয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰো তৰিব লগীয়া হৈছিল ৷ পৰবৰ্তী সময়ত গড়কাপ্তানি বিভাগে জৰীপ কৰা ডাবুল লেণ্ড সংকুচিত কৰি পথচোৱা নিৰ্মাণ কৰা হৈছে বুলিও অৱগত কৰে ৷

প্ৰসংগক্ৰমে বক্তব্যত ক্ষতিপূৰণকাৰীসকলে অভিযোগকাৰীক বিভিন্ন প্ৰকাৰে সমালোচনা কৰি "আমাৰ মাটি সম্পত্তি গৈছে, আমি বিচৰামতে চৰকাৰে আমাক দিলে আমি লমেই, বেছি হৈছে যদি পুনৰ চৰকাৰে ঘূৰাই বিচাৰিলে আমিও দিবলৈ প্ৰস্তুত আছোঁ" বুলি উল্লেখ কৰে ৷ ইফালে পথচোৱাৰভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ বাবদ হোৱা কেলেংকাৰীা অভিযোগৰ বিষয়লৈ ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীৰ নিৰ্দেশমৰ্মে অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা হৈছে ৷ অতিৰিক্ত জিলা আয়ুক্তৰ তদন্তৰ প্ৰতিবেদনৰ পিচতেই কেলেংকাৰীটোৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:Asom Mala Scheme: ধেমাজিত অসম মালা আঁচনিৰ অধীনত ভূমি ক্ষতিপূৰণ আদায় দিয়াৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details