ধেমাজী,18 আগষ্টঃ আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন । এই আপ্ত বাক্যশাৰী যেন কিছুলোকৰ বাবে অসাৰ প্ৰতিপন্ন হৈছে । কাৰণ বৃদ্ধা মাতৃক চাবলৈ এতিয়া একাংশ পুত্ৰ-বোৱাৰী আৰু কন্যাৰ আহৰি নাই । যাৰ ফলত জীৱনৰ বিয়লি বেলাত চৰম যন্ত্ৰণাত দিন অতিবাহিত কৰিব লাগে বৃদ্ধা পিতৃ-মাতৃয়ে।
ধেমাজি উন্নয়ন খণ্ডৰ অন্তগৰ্ত বিষ্ণুপুৰ পঞ্চায়তৰ টেকজুৰি গাঁৱৰ ৮০ উৰ্ধৰ সৰস্বতী হৰিজন নামৰ বৃদ্ধাগৰাকীয়ে কটাইছে দুবিৰ্ষহ জীৱন। আচৰিত কথা যে, পঞ্চায়তৰ বিষয়ববীয়াক বাৰম্বাৰ আবেদন কৰি অহাৰ পিছতো আজিকোপতি বৃদ্ধাগৰাকীয়ে নাপালে এটি চৰকাৰী আৱাস গৃহ আৰু বৃদ্ধ পেঞ্চনৰ টকা ।