অসম

assam

By

Published : Nov 10, 2020, 12:01 PM IST

ETV Bharat / state

নিযুক্তি পৰীক্ষাৰ বিসংগতিক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ পৰিষদ

নিযুক্তি পৰীক্ষাৰ নামত সংঘটিত বিসংগতিক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ পৰিষদ ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই কয় যে,স্বচ্ছ আৰু নিকা দুৰ্নীতিৰ শূন্য সহনশীলতা শ্ল'গান এতিয়া সম্পূৰ্ণ অসাৰ হৈ পৰিছে ৷ কথা আৰু কামৰ মিল নথকা চৰকাৰখনক পদত্যাগ কৰিবলৈ দাবী জনাই কেন্দ্ৰীয় সভাপতি গৰাকীয়ে ৷

as_dmj_controversy_exam_Reaction_ajyp_vis_as10021
নিযুক্তি পৰীক্ষাৰ বিসংগতিক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ পৰিষদ

ধেমাজি,10 নৱেম্বৰ:সম্প্ৰতি এটাৰ পিছত আনটো নিযুক্তি পৰীক্ষাৰ নামত সংঘটিত হৈছে ব্যাপক বিসংগতি ৷ এছ আই কেলেংকাৰীৰ পৰা আৰম্ভ কৰি সোমবাৰে অনুষ্ঠিত হৈ যোৱা এ পি এছ চিৰ সমাজ কল্যান বিভাগৰ বিষয়া নিযুক্তি সম্পৰ্কীয় পৰীক্ষাতো প্ৰশ্ন কাকত বিসংগতি হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই এইক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,এইখন চৰকাৰে নিযুক্তিৰ নামত কেৱল নিবনুৱাৰ সৈতে ধেমালি কৰি আহিছে ৷

নিযুক্তি পৰীক্ষাৰ বিসংগতিক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ পৰিষদ

স্বচ্ছ আৰু নিকা দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে এতিয়া কেৱল অনিয়ম আৰু লুণ্ঠন কৰাৰ বাবেহে উঠি পৰি লাগিছে ৷ চৰকাৰখনৰ এনে নিকা শ্ল'গান এতিয়া সম্পূৰ্ণ অসাৰ হৈ পৰিছে ৷ অদ্যাপি চৰকাৰে নিকা আৰু স্বচ্ছতাৰে নিযুক্তি সম্পৰ্কীয় পৰীক্ষা এটাও অনুষ্ঠিত কৰিবলৈ ব্যৰ্থ হোৱাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈও কুণ্ঠাবোধ নকৰিব বুলিও সকিয়াই দিয়ে ৷ অন্যথা কথা আৰু কামৰ মিল নথকা চৰকাৰখনক পদত্যাগ কৰিবলৈ দাবী জনাই কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক:দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন "অসম ছাত্ৰ পৰিষদ"

ABOUT THE AUTHOR

...view details