জোনাই, ৬ ফেব্ৰুৱাৰী:অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ সপ্তম সংখ্যক অধিৱেশনখনৰ দেওবাৰে সামৰণি পৰে (Sonowal Kachari Barmajhiri Dhemaji district committee session)। ধেমাজি জিলাৰ হাতীপৰা গাঁৱত অনুষ্ঠিত অধিৱেশনৰ কালি পুৱা ৮ বজাত স্মৰণিকা উন্মোচন কৰে কিৰণ একাডেমীৰ অধ্যাপিকা ৰুমা বড়া শইকীয়াই । ইয়াৰ পিচতেই পুৱা ৯ বজাত বৰমাঝিৰী সঁচৰ বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অন্তিম দিনা ধেমাজি জিলা বৰমাঝিৰী সঁচৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।
ইপিনে, পুৱা ১০ বজাত ডিম্বেশ্বৰ শইকীয়াৰ সঞ্চালনাত "সাম্প্ৰতিক সময়ত বংশাৱলী সভাৰ প্ৰাসংগিকতা আৰু ধেমাজি জিলাত বসবাস কৰা বৰমাঝিৰী সঁচৰ ওপৰত পৰ্যালোচনা" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় (Bormajhiri branch of Sonowal Kachari)। এই আলোচনা চক্ৰখনত আলোচক হিচাপে অংশগ্ৰহণ কৰি নৰ্থ বেংক মহাবিদ্যালয়ৰ প্ৰৱক্তা মোহিত কুমাৰ সোণোৱাল, ৰবি শইকীয়া, বীৰেণ সোণোৱাল, ডাঃ গিৰিণ শইকীয়া, ধনেশ্বৰ সোণোৱালে স্বগোষ্ঠীয় বিভিন্ন ঐতিহ্য আৰু ইয়াৰ সুৰক্ষাৰ বাবে কৰণীয় বিষয়ত ভাষণ আগবঢ়ায় ।
দিনৰ ১১.৩০ বজাৰ পৰা সদৌ ধেমাজি জিলা বৰমাঝিৰী সঁচৰ সভাপতি তিলেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড৹ পৰমানন্দ সোণোৱালে বিশ্বায়নৰ যুগত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ স্বকীয় পৰিচয় অটুট ৰাখিবলৈ সকলোকে দায়িত্ব সহকাৰে কাম কৰি যাবলৈ আহ্বান জনায় । মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে সোণোৱাল কছাৰী সাহিত্য সভাৰ উপ সভাপতি হেৰম্বপ্ৰসাদ দাস, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱাল, সহকাৰী সাধাৰণ সম্পাদক দুলেন সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, প্ৰচাৰ সম্পাদক জোনটি সোণোৱাল, সোণোৱাল কছাৰী যুৱ মঞ্চৰ সভাপতি জিতুলৰাজ সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্যা নন্দিনী ডেকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।