অসম

assam

By

Published : Oct 8, 2020, 10:57 PM IST

ETV Bharat / state

একৈশখন জিলাৰ ছয় শতাধিকে পিন্ধিব গেৰুৱা বসন

কাইলৈ ৰাজ্যৰ একৈশখন জিলাৰ ছয় শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত ৷

বিজেপিত যোগদান কৰিব শতাধিক লোকে
একৈশখন জিলাৰ ছয় শতাধিকে পিন্ধিব গেৰুৱা বসন

জোনাই, ৮ অক্টোবৰঃ সদ্য ঘোষিত বিটিআৰৰ বাহিৰৰ বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, কলা- সংস্কৃতি, ভাষা, ধৰ্ম আদি দিশৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যত দীৰ্ঘ বছৰ ধৰি জন্মলগ্নৰে পৰা গণতান্ত্ৰিক আন্দোলন চলাই আহিছে সংযুক্ত বড়ো গণ মঞ্চ( ইউবিপিঅ)ই । ২০১৪ চনৰ ১৮ জুলাইত ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিত প্ৰতিষ্ঠা হোৱা ইউবিপিঅৰ নেতৃত্বত আৰু পূৰ্বৰ বিটিএডিৰ বাহিৰৰ বড়ো জাতীয় সংগঠনসমূহৰ সহযোগত বিগত ছটা বছৰে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ লগতে কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাত বসবাস কৰা বড়ো সকলক পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদান কৰা, বন আইন-২০০৬ প্ৰয়োগ কৰি বনবাসী জনজাতীয় লোকক ভূমি পট্টা দিয়া, বড়ো আন্দোলনৰ প্ৰাক্তন নেতা-কেডাৰ সকলক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰা, বড়ো মাধ্যমৰ বেচৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা, অসম-অৰুণাচল, অসম-মেঘালয় আদি আন্তঃৰাজ্যিক সীমা বিবাদ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত নিষ্পত্তি কৰা, বড়ো মাধ্যমৰ বাবে সুকীয়া শিক্ষা সঞ্চালকালয় গঠন কৰা, দহ হাজাৰ বড়ো যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ বাবে নগা ৰেজিমেন্টৰ আৰ্হিত বড়ো ৰেজিমেন্ট গঠন কৰা,বড়ো ভাষা, কলা-সংস্কৃতি বিকাশৰ বাবে ধেমাজি জিলাৰ চিমেন চাপৰি আৰু গোলাঘাটৰ চিচুপানীত দূৰদৰ্শন কেন্দ্ৰ নিৰ্মাণ কৰাৰ দাবীত চলাই আহিছে ধাৰাবাহিক আন্দোলন ।

ইউবিপিঅৰ নেতৃত্বই জনাই অহা মূল দাবীটোৰ উপৰি আন কেবাটাও দাবী ইতিমধ্যে ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ,এবছু, এনডিএফবিৰ চাৰিওটা গোট আৰু ইউবিপিঅৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিত বিভিন্ন দফাত সন্নিবিষ্ট হৈছে।শেহতীয়া বড়ো চুক্তি বিটিআৰৰ ৫ নং ধাৰাৰ ৫.১ দফাত বিটিআৰৰ বাহিৰৰ বড়ো জনগণৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত গঠনৰ ব্যৱস্থা আছে ।

একৈশখন জিলাৰ ছয় শতাধিকে পিন্ধিব গেৰুৱা বসন

উল্লেখ্য যে, সদ্যসমাপ্ত অসম বিধানসভাৰ ৰ্বষাকালীন অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিধেয়কখন চৰকাৰৰ সহযোগী দল বিপিএফৰ ৰাজনৈতিক বাধা আৰু ষড়যন্ত্ৰৰ ফলত উত্থাপন নহ'ল । স্মৰণযোগ্য যে, বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত ইউবিপিঅই বিপুল সমৰ্থন আগবঢ়াই আহিছে বিজেপিক । পূৰ্বৰ প্ৰতিশ্ৰুতিক লৈ ইউবিপিঅ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য ইত্যাদি দপ্তৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেইবালানি আলোচনাৰ অন্তত বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটত বিটিআৰৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠন বিধেয়কখনৰ লগতে বড়ো ভাষাক অসমৰ চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া বিধেয়কখনো অনুমোদন জনায় । উল্লেখনীয় যে, ইতিমধ্যে কেবিনেটত অনুমোদন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখন ইউবিপিঅই চৰকাৰৰ হাতত দাখিল কৰা খচৰাখনৰ আৰ্হিত তৎকালে অন্তৱৰ্তীকালীন ভিত্তিত গঠনৰ চৰ্তত ইউবিপিঅৰ ছয় শতাধিক নেতা-কৰ্মীয়ে বিজেপিত যোগদানৰ সিদ্ধান্ত লৈছে ।

শুকুৰবাৰে প্ৰতিষ্ঠাকালৰে পৰা নেতৃত্ব বহন কৰা ইউবিপিঅৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী বসুমতাৰী, সাধাৰণ সম্পাদক অনিল বসুমতাৰীৰ নেতৃত্বত ইউবিপিঅৰ উপ সভাপতি গাম্বাৰু মুছাহাৰী, ৰতন বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক বীজেন্দ্ৰ কুমাৰ বসুমতাৰী, সম্পাদক শুক্ৰেশ্বৰ গয়াৰী, প্ৰদীপ স্বৰ্গীয়াৰী, বিনোদ বসুমতাৰী, সাংগঠনিক সম্পাদক সুভাষ বড়ো, মথুৰা বসুমতাৰী, অধ্যক্ষ পীতাম্বৰ ব্ৰহ্ম, উপাধ্যক্ষা সৌমশ্ৰী বড়োকে ধৰি ইউবিপিঅৰ কেন্দ্ৰীয় সমিতিৰ মুঠ ৩৫ গৰাকীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব । ইপিনে ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,সহঃ সাধাৰণ সম্পাদক সন্তলা গয়াৰী, হেমকান্ত দৈমাৰী, সম্পাদক প্ৰদীপ ৰামচিয়াৰী, বানেশ্বৰ গয়াৰী, চুদেম বসুমতাৰী, উপাধ্যক্ষ মন্টু বসুমতাৰী, প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অবিভক্ত লক্ষীমপুৰ জিলা সমিতিৰ উপদেষ্টা বিউটি গয়াৰী, উপ সভাপতি বিষ্টিৰাম নাৰ্জাৰী, জোনাই প্ৰাইমাৰী সমিতিৰ উপদেষ্টা ৰবিন স্বৰ্গীয়াৰী, সোৱণশিৰি প্ৰাইমাৰী সমিতিৰ জয়থশ নাৰ্জাৰী, আবৌফৰ ধেমাজি জিলা সমিতিৰ উপ সভানেত্ৰী শীলা বসুমতাৰী, চিমেন আঞ্চলিকৰ সভানেত্ৰী সবিতা স্বৰ্গীয়াৰী, চিলাপথাৰ আঞ্চলিকৰ উপ সভানেত্ৰী ৰঞ্জু গয়াৰী, এনডিএফবি (এছ)ৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰসেনজিৎ বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক ভদ্ৰেশ্বৰ বসুমতাৰী, দৈমালু নাৰ্জাৰী, চিমেন প্ৰাইমাৰী সমিতিৰ সভাপতি শশীধৰ গয়াৰী, জোনাই প্ৰাইমাৰীৰ সভাপতি ৰঞ্জয় নাৰ্জাৰীকে ধৰি ধেমাজি জিলাৰ পৰা মুঠ ৯০ গৰাকী, ইউবিপিঅৰ লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা উদয় বসুমতাৰী, উপ সভাপতি প্ৰফুল্ল খেৰকটাৰী, অধ্যক্ষ কামেশ্বৰ বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক সুশান্ত মুছাহাৰীৰ সৈতে লখিমপুৰ জিলাৰ পৰা মুঠ ২০ গৰাকী, তিনিচুকীয়া জিলাৰ সভাপতি বিঞ্চুৰাম নাৰ্জাৰী, সাধাৰণ সম্পাদক জয়ন্ত নাৰ্জাৰীৰ নেতৃত্বত ২০ গৰাকী, ডিব্ৰুগড় জিলা ইউবিপিঅৰ সভাপতি পিনাক্ষী বসুমতাৰীৰ নেতৃত্বত ২০ গৰাকী, চৰাইদেউ জিলাৰ পৰা ২৫ গৰাকী, কাৰ্বি আংলং জিলা ইউবিপিঅৰ সভাপতি বাদল মুছাহাৰীৰ নেতৃত্বত ২৫ গৰাকী, শোণিতপুৰ জিলা ইউবিপিঅৰ ভাৰপ্ৰাপ্ত সভাপতি জেমচ স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক অমিত কুমাৰ বসুমতাৰীৰ নেতৃত্বত ৩০ গৰাকী, গোলাঘাটৰ জিলা ইউবিপিঅৰ সভাপতি মুকুন্দ বসুমতাৰীৰ নেতৃত্বত ২৫ গৰাকী, নগাঁও জিলাৰ ২৫ গৰাকী, মৰিগাঁও জিলাৰ ৪৫ গৰাকী,হোজাই জিলাৰ পৰা ২৫ গৰাকী, কামৰূপ (গ্ৰাম্য) ৰ পৰা ২২ গৰাকী, কামৰূপ (মেট্ৰ)ৰ পৰা ৪৫ গৰাকী, দক্ষিণ কামৰূপৰ পৰা ২৫ গৰাকী, ধুবুৰী জিলাৰ পৰা ২০ গৰাকী,বৰপেটা জিলাৰ পৰা ২০ গৰাকী, গোৱালপাৰা, বঙাইগাঁও, নলবাৰী, দৰং প্ৰতিখন জিলাৰ পৰা ২০ গৰাকীকৈ যোগদান কৰিব বিজেপিত।

শুকুৰবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত যোগদান কৰিবলগীয়া সকলৰ মাজত ইউবিপিঅৰ লগতে প্ৰাক্তন বিএলটি, এনডিএফবি কেডাৰৰ উপৰি আন আন বড়ো সংগঠনৰ কৰ্মীও আছে । বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিবৰ বাবে ইউবিপিঅৰ নেতৃত্বত ৰে'ল, বাছেৰে ধেমাজি, লখিমপুৰকে ধৰি বিটিআৰৰ বাহিৰৰ অসমৰ একৈশখন জিলাৰ পৰা দলে দলে ৰাওনা হৈছে গুৱাহাটীলৈ । অতি গুৰুত্বপূৰ্ণ দিশটো হৈছে পূৰ্বৰে পৰা চৰ্ত সাপেক্ষেহে ৰাজনৈতিক দলক বড়ো জাতীয় সংগঠনে নিৰ্বাচনত সমৰ্থন আগবঢ়াই আহিছে । কাইলৈ বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন ইউবিপিঅৰ নেতৃত্বত বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী বড়ো জনগোষ্ঠীৰ সাংগঠনিক ইতিহাসত প্ৰথম ঘটনা হিচাপে পৰিগণিত হ'ব বুলি সৰ্বত্ৰে ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক :চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details