অসম

assam

ETV Bharat / state

ঠিকাভিত্তিক শিক্ষকসকলৰ আন্দোলনকলৈ চিন্তিত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ

ঠিকাভিত্তিক শিক্ষকসকলৰ এনে ধাৰাবাহিক প্ৰতিবাদৰ ফলত বিদ্যালয়সমূহত উদ্ভৱ হোৱা অভাবনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজি জিলাৰ একাংশ বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি

By

Published : Aug 7, 2019, 1:23 PM IST

ঠিকাভিত্তিক শিক্ষকসকলৰ আন্দোলনকলৈ চিন্তিত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ

ধেমাজি, 6 আগষ্ট : নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাৱীত সদৌ অসম হাইস্কুল ঠিকা ভিত্তিক শিক্ষক সংস্থাই আহ্বান জনোৱা শ্ৰেণী বৰ্জনৰ ফলত আজি পঞ্চম দিনাও অচল হৈ আছে ধেমাজি জিলা হাইস্কুল সমূহৰ পাঠদান প্ৰক্ৰিয়া ৷ প্ৰতিবাদৰ অংশ হিচাপে ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকে অব্যাহত ৰাখিছে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৷ চৰকাৰে দাবী মানি নললে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ হব বুলিও হুংকাৰ দিয়ে ধেমাজি জিলা ঠিকাভিত্তিক শিক্ষক সংস্থাৰ সম্পাদক অমৃত প্ৰতিম শাণ্ডিল্য ৷ ঠিকাভিত্তিক শিক্ষকসকলৰ এনে ধাৰাবাহিক প্ৰতিবাদৰ ফলত বিদ্যালয়সমূহত উদ্ভৱ হোৱা অভাবনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ একাংশ বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি । কিয়নো গণিত, ইংৰাজী আৰু বিজ্ঞানৰ দৰে বিষয়কেইটা নিয়মীয়া পাঠদান নহলে ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰাত ব্যাঘাত জন্মাৰ আশংকা কৰিছে বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি ।

ঠিকাভিত্তিক শিক্ষকসকলৰ আন্দোলনকলৈ চিন্তিত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ


উল্লেখযোগ্য যে বানে কোঙা কৰা সত্বেও প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনক ছাত্ৰ-ছাত্ৰীসকলে উজলাই তোলাৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ অৱদানৰ কথা স্বীকাৰ কৰি এইক্ষেত্ৰত চৰকাৰৰ মানসিকতা সলনি হোৱাটো নিতান্তই আৱশ্যক বুলি মন্তব্য কৰে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জিতু বৰাই ৷

ABOUT THE AUTHOR

...view details