অসম

assam

ETV Bharat / state

চিমেন চাপৰিত আছুৰ ছাত্র সংহতি দিৱস পালন - ছাত্ৰ সংহতি দিৱস

১৯৭৪ চনত শ্বহীদ হোৱা দুই ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াৰ সোঁৱৰণত ধেমাজিৰ চিমেন চাপৰিত পালন কৰা হয় ছাত্ৰ সংহতি দিৱস ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথ, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকীও আছু নেতাৰ উপস্থিতিত পালন কৰা হয় এই দিৱস(Satra Sanghati Divas Observe at simen chapari) ৷

Satra Sanghati Divas Observe at simen chapari
চিমেন চাপৰিত আছুৰ ছাত্র সংহতি দিৱস পালন

By

Published : Jun 10, 2022, 10:17 PM IST

জোনাই, 10 জুন : প্ৰতিকূল বতৰকো নেওচি চিমেন চাপৰিত পালন কৰা হয় ছাত্ৰ সংহতি দিৱস(Satra Sanghati Divas Observe at simen chapari) ৷ খাদ্য আন্দোলনৰ দুই শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ সোঁৱৰণত পালন কৰা হয় এই দিৱস ৷ সমান্তৰালকৈ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই মহকুমা ছাত্ৰ সন্থা, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু সমূহ চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ দুই ছাত্ৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াক স্মৰণ কৰি পালন কৰে ছাত্ৰ সংহতি দিৱস ৷

উল্লেখ্য যে, ১৯৭৪ চনত আৰম্ভ হৈছিল খাদ্য আন্দোলন ৷ তেতিয়া ৰাজ্যত আছিল কংগ্ৰেছৰ শাসন । শাসক দলৰ ওচৰত ৰাজ্যৰ অৰ্থনীতি পৰিকাঠামো শক্তিশালী কৰিবলৈ ছাত্ৰসকলে ২১ দফীয়া দাবীৰে আৰম্ভ কৰা এই আন্দোলনৰ মাজতে ঘটিছিল এক অঘটন । শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহ কৰা দুই ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়া শ্বহীদ হৈছিল এই আন্দোলনত ।

চিমেন চাপৰিত আছুৰ ছাত্র সংহতি দিৱস পালন

কিয়নো ছাত্ৰ শক্তিক বাধা দিবলৈ আৰক্ষী জপিয়াই পৰিছিল চৰকাৰৰ নিৰ্দেশত । ঐতিহাসিক এই খাদ্য আন্দোলনত অংশ লোৱাৰ বাবেই ১৯৭৪ চনৰ ১০ জুনত মৰিগাঁও জিলাৰ ভুৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল । সেয়ে এই দুই শ্বহীদ ছাত্ৰৰ স্মৃতিত তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সমাজক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত ১০ জুন তাৰিখটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে ।

আনহাতে, ধেমাজি জিলাৰ চিমেন চাপৰিত পালন কৰা ছাত্ৰ সংহতি দিৱসৰ সভাস্থলীত আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথে পতাকা উত্তোলন কৰি কয় যে, পূৰ্বৰে পৰাই চৰকাৰী পক্ষই ভাষা আন্দোলন, অৰ্থনীতি আন্দোনকে ধৰি ছাত্ৰ সন্থাৰ যিকোনো আন্দোলনত দমন নীতি অৱলম্বন কৰি আহিছে যদিও কোনোধৰণৰ দমন নীতিয়ে ছাত্ৰ সন্থাৰ আন্দোলনক দমন কৰিব পৰা নাই আৰু ভৱিষ্যতেও দমন নীতিত সফল নহ'ব ৷

আনহাতে, শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বৃহৎ নদীবান্ধক বিজ্ঞান সন্মতভাৱে নিৰ্মাণক লৈ চৰকাৰে শীঘ্ৰেই ত্ৰিপ্ৰাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনায় ৷ লগতে অচিৰেই ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহক নাকৰ আৰ্হিত বিদ্যালয় মূল্যাংকন আয়োগ গঠনৰ বাবে আহ্বান জনায় আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷

লগতে পঢ়ক :ৰাজ্যৰ শক্তি খণ্ডত নতুন দিগন্তৰ সূচনা: লোকচানৰ পৰা ৩০০ কোটি টকা লাভ

ABOUT THE AUTHOR

...view details