অসম

assam

ETV Bharat / state

পূজাৰ বজাৰত সমাদৰ নাই ৰবাব টেঙাৰ

পূজাৰ আগমনৰ লগে লগে সমাদৰ বাঢ়ে ৰবাব টেঙাৰ ৷ কিন্তু পূৰ্বৰ দৰে পূজাৰ বজাৰত নাই ৰবাব টেঙাৰ আদৰ ৷ ক’ভিড 19 ৰ সংক্ৰমণৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে শাৰদীয় দুৰ্গা পূজা ৷

By

Published : Oct 25, 2020, 9:06 PM IST

Robab tenga story from dhemaji assam etv bharat news
ৰবাব টেঙা

ধেমাজি,25 অক্টোবৰ:শাৰদীয় উৎসৱৰ বতৰত বিভিন্ন খাদ্য-সামগ্ৰীৰ সমাদৰ বাঢ়ে ৷ ব্যতিক্ৰম নহয় ৰবাব টেঙা ৷ পূজাৰ বতৰত বিভিন্ন মিঠাইৰ সোৱাদ নহ’লে যেনেদৰে পূজাৰ আমেজ অনুভৱ কৰিব নোৱাৰি, সেইদৰে বাৰীৰ পৰা ছিঙি অনা ৰবাব টেঙা নহ’লে যেন আধৰুৱা হয় শৰাইখনি ৷ ক‘ভিড 19 আৰু প্ৰতিকূল বতৰৰ বাবে ধেমাজিৰ পূজাৰ বজাৰত নাই পূৰ্বৰ দৰে গ্ৰাহকৰ ভিৰ ৷ ফলত একপ্ৰকাৰ এলাগী হৈ পৰি ৰৈছে বজাৰত উপলব্ধ বিভিন্ন ফল-মূল সমূহ, বিশেষকৈ ৰবাব টেঙা ৷

ABOUT THE AUTHOR

...view details