অসম

assam

ETV Bharat / state

ৰাজাখনা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী ৰাইজৰ - ৰাজাখনা পঞ্চায়তৰ সভাপতি বিৰেন পেগু

এগৰাকী জনপ্ৰতিনিধিৰ বাবেই থানবান হ'ল এখন সংসাৰ ৷ আত্মহত্যাৰ পথ বাছি ল'লে ৰাজাখনা পঞ্চায়তৰ ৱাৰ্ড সদস্য গৰাকীৰ পত্নীয়ে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 306 ধাৰাৰ অধীনত 117/ 2020 নম্বৰৰ এক গোচৰ ৰুজু কৰি শুক্ৰবাৰে নিশা গ্ৰেপ্তাৰ ৰাজাখনা পঞ্চায়তৰ সভাপতি বিৰেন পেগুক ৷

Public demands strict punishment against Rajakhana panchayat president
ৰাজাখনা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী ৰাইজৰ

By

Published : Oct 31, 2020, 8:14 AM IST

জোনাই,31অক্টোবৰঃএগৰাকী জনপ্ৰতিনিধিৰ বাবেই থানবান হ'ল এখন সংসাৰ ৷ এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ জোনাইত ৷ ঘটনাৰ বিৱৰণ অনুসৰি, জোনাই আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাখনা পঞ্চায়তৰ সভাপতি বিৰেন পেগুৰ সৈতে পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্য বম্বেশ্বৰ পেগুৰ পত্নীৰ অবৈধ সম্পৰ্ক আছিল ৷ কিন্তু যোৱা ২৭ অক্টোবৰ তাৰিখে হাতে-লোটে ধৰা পৰিছিল সভাপতিসহ ৱাৰ্ড সদস্য গৰাকীৰ পত্নী তথা দুটি সন্তানৰ মাতৃগৰাকীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত আত্মহত্যাৰ পথ বাছি লয় ৱাৰ্ড সদস্য গৰাকীৰ পত্নীগৰাকীয়ে ৷

ৰাজাখনা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী ৰাইজৰ

ইপিনে, এই ঘটনাৰ পিছতে ভাৰতীয় দণ্ডবিধি আইনৰ 306 ধাৰাৰ অধীনত 117/ 2020 নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে শুক্ৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে সভাপতি বিৰেন পেগুক ৷ ইফালে বিৰেন পেগুৰ বিৰুদ্ধে সৰৱ হৈ পৰে পঞ্চায়তৰ ৰাইজ সকলো ৷ জোনাই আৰক্ষী থানাৰ চৌহদত শুক্ৰবাৰে ৰাজাখনা গাঁও পঞ্চায়তৰ ৰাইজে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷

ৰাজাখনা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী ৰাইজৰ

বিৰেণ পেগুক ফাঁচি দিয়ক,দোষীক শাস্তি দিয়ক আদি বিভিন্ন শ্ল'গান দি উত্তপ্ত কৰি তোলে জোনাই আৰক্ষী থানাৰ চৌহদ ৷ জোনাই আৰক্ষী আৰু মহকুমাৰ দণ্ডাধীশ প্ৰীতম কুমাৰ দাসে প্ৰতিবাদস্থলীত উপস্থিত হৈ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ তদুপৰি এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবেও প্ৰশাসনক দাবী জনায় ৰাইজে ৷

লগতে পঢ়কঃ পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সোণোৱাল চৰকাৰ : দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details