অসম

assam

ETV Bharat / state

Public meeting in Dhemaji: ১১৩ নং ধেমাজি বিধানসভা সমষ্টি সংৰক্ষণ মুক্ত কৰাৰ দাবীত ৰাজহুৱা সভা - Constituency Delimitation process

113 নং ধেমাজি বিধানসভা সমষ্টি সংৰক্ষণ মুক্ত কৰাৰ দাবীত ধেমাজি ডি আৰ ডি এ সভা কক্ষত ৰাজহুৱা সভা (Public meeting held in Dhemaji) ৷ সমষ্টিটো সংৰক্ষণ মুক্ত কৰি অজনজাতীয় লোকক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে সুৰক্ষা দিয়াৰ দাবী আটাছুৰ ধেমাজি জিলা সমিতিৰ ৷

Public meeting held demanding reservation free 113 Dhemaji Assembly constituency
ধেমাজি ডি আৰ ডি এ সভা কক্ষত ৰাজহুৱা সভা

By

Published : Jan 9, 2023, 4:14 PM IST

ধেমাজি ডি আৰ ডি এ সভা কক্ষত ৰাজহুৱা সভা

ধেমাজি, 9 জানুৱাৰী: ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগে ৰাজ্যত লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা কাৰ্যক ধেমাজিত বিভিন্ন দল-সংগঠনে আদৰণি জনাইছে (Constituency delimitation in Assam) ৷ ধেমাজি পূৰ্বৰ সমষ্টি দুটা জনজাতিৰ বাবে সংৰক্ষিত হৈ থকাৰ লগতে পুনৰ আন এটা সমষ্টি সৃষ্টি কৰিব বিচৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে (Constituency Delimitation process) ৷ কিন্তু নতুন সমষ্টিটোও জনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈ বিচৰাত সৰৱ হৈ পৰিছে ধেমাজি আটাছুৰ লগতে অজনজাতীয় দল-সংগঠন আৰু ৰাইজে ।

113 নং ধেমাজি বিধানসভা সমষ্টিক সংৰক্ষণ মুক্ত কৰাৰ দাবীত সোমবাৰে এক ৰাজহুৱা সভা অনুষ্ঠিত হয় (Public meeting held in Dhemaji) ৷ আটাছুৰ ধেমাজি জিলা সমিতিৰ (ATASU Dhemaji District Committee) উদ্যোগত আৰু অজনজাতীয় দল-সংগঠনৰ উপস্থিতিত ধেমাজি ডি আৰ ডি এ সভা কক্ষত অনুষ্ঠিত হয় এই ৰাজহুৱা সভাখন (113th Dhemaji Assembly constituency) ৷

এই ৰাজহুৱা সভাৰ জৰিয়তে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আটাছুৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে চৰকাৰক দাবী জনাই কয় যে, ৫৭ বছৰে জনজাতীয় লোকৰ বাবে সংৰক্ষিত হৈ আছে ১১৩ নং ধেমাজি বিধানসভা সমষ্টি ৷ কিন্তু এতিয়া ১১৩ নং ধেমাজি বিধান সমষ্টি সংৰক্ষণ মুক্ত কৰিব লাগে ৷ কাৰণ সমষ্টিটোত ৩৭ শতাংশ জনজাতি লোকে বাস কৰাৰ বিপৰীতে ৬৪ শতাংশ অজনজাতীয় লোকে বাস কৰে ৷ মুঠৰ ওপৰত ১১৩ নং ধেমাজি বিধানসভা সমষ্টিত অধিকাংশ লোকেই অজনজাতি লোক (ATASU demands de reservation of Dhemaji constituency ) ৷

তেওঁ লগতে দাবী উত্থাপন কৰি কয় যে, অসম চৰকাৰৰ জৰিয়তে ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগে ১১৩ নং ধেমাজি বিধান সভা সমষ্টিটো সংৰক্ষণ মুক্ত কৰি অজনজাতীয় লোকক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ভাৱে সুৰক্ষা দিব লাগে ৷ ইপিনে সংৰক্ষণমুক্ত কৰাৰ দাবীত গণস্বাক্ষৰ অভিযানৰ কাৰ্যসূচীৰ লগতে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত ধেমাজিৰ অজনজাতীয় বিভিন্ন দল সংগঠনে সহযোগ কৰিব বুলিও জানিবলৈ দিয়ে আটাছুৰ যুটীয়া সম্পাদকগৰাকীয়ে ৷

ৰাজপথত গণ বিক্ষোভৰ সমান্তৰালভাৱে আইনী প্ৰক্ৰিয়াৰ বাবে সংৰক্ষণমুক্ত দাবী সমিতিয়ে কাম-কাজত আগবঢ়াই নিব ৷ প্ৰয়োজন হ’লে দিল্লীলৈকে যাবলৈ সাজু হৈছে বুলিও জানিবলৈ দিয়ে আটাছুৰ নেতৃত্বই ৷

লগতে পঢ়ক:Constituency Delimitation : অসমত কিয় বন্ধ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ?

ABOUT THE AUTHOR

...view details