অসম

assam

ETV Bharat / state

Protest in Jonai: জোনাইত বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

বিধায়ক ভূৱন পেগুৰ পুত্তলিকা দাহ কৰি জোনাইত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে ক্ষোভিত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিকূল বতৰকো নেওচি হাতে হাতে প্লেকাৰ্ড লৈ ৰুক্মিণী আলি গাঁৱৰ সমীপৰ বিধ্বস্ত পথৰ ওপৰত ভূৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against MLA Bhuban Pegu) ৷

Protest against MLA Bhuban Pegu
জোনাইত জ্বলিল বিধায়ক ভূৱন পেগুৰ পুত্তলিকা

By

Published : Apr 7, 2023, 11:00 AM IST

জোনাইত বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

জোনাই, 7 এপ্ৰিল: জোনাইত বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ বিধায়ক ভূৱন পেগুৰ পুত্তলিকা দাহ কৰি ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ ৷ ৰাইজৰ অভিযোগমতে জোনাইৰ চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰুক্মিণী আলি, কঠালগুৰি, ১নং উদয়পুৰ, ২ নং উদয়পুৰ, জয়পুৰ, চিৰাখোৱা, ঠাইগাৰগুৰি আদিকে ধৰি কেইবাখনো গাৱঁৰ যোগাযোগৰ একমাত্ৰ মাধ্যম মূল পথছোৱা বছৰ বছৰ ধৰি বিধ্বস্ত হৈ থকাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী, ৰোগী আদিয়ে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে (Protest against MLA Bhuban Pegu in Jonai) ৷

বিধ্বস্ত পথছোৱা পকীকৰণৰ বাবে বিভিন্ন সময়ত অঞ্চলটোৰ ৰাইজে বিধায়ক ভূৱন পেগুক অনুৰোধ জনাই অহাৰ পাচতো, ৰাইজৰ অভিযোগলৈ এতিয়ালৈকে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ সেয়ে বৃহস্পতিবাৰে অঞ্চলটোৰ ক্ষোভিত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিকূল বতৰকো নেওচি হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহি, ৰুক্মিণী আলি গাঁৱৰ সমীপৰ বিধ্বস্ত পথৰ ওপৰত ভূৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against MLA Bhuban Pegu) ৷

বিধায়ক ভূৱন পেগু গ’বেক, ভূৱন পেগু মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, আমাক পকী পথ লাগিবই আদি নানা শ্ল’গানেৰে বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ প্ৰতিবাদী ৰাইজে বিধায়ক ভূৱন পেগুৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে প্ৰতিমূৰ্তিটো বোকাত গছকি তীব্ৰ ক্ষোভ উজাৰে একাংশ মহিলাই ৷ ইফালে প্ৰতিবাদস্থলীৰ পৰাই ৰাইজে অতি শীঘ্ৰে পথছোৱা পকীকৰণ কৰাৰ দাবী জনায় বিধায়ক ভূৱন পেগুৰ লগতে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীক (MLA Bhuban Pegu Effigy Burn in Jonai) ৷

উল্লেখযোগ্য যে উন্নয়নৰ ফটা ঢোল কোবোৱা চৰকাৰৰ দিনত ৰাজ্যখনৰ ভিতৰুৱা বহু অঞ্চলৰ বাট-পথৰ অৱস্থা বৰ্তমানো অতিকে শোচনীয় ৷ এজাক বৰষুণতেই যাতায়তৰ অনুপযোগী হৈ পৰা এইসমূহ বিধ্বস্ত পথেৰেই দৈনিক যাতায়ত কৰিবলগা হয় ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সাধাৰণ ৰাইজ ৷

লগতে পঢ়ক:Raid against power loom products : লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

ABOUT THE AUTHOR

...view details