জোনাই, ৬ ছেপ্টেম্বৰ :গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত সোমবাৰে জোনাইত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু গো-পালকৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জোনাইৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত শতাধিক গো-পালক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই দিনৰ ১১ বজাৰ পৰা এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে ৷
লগতে পঢ়ক :Karbi peace accord : আদৰণি বনাম প্ৰতিবাদ !
নিজৰ বক্তব্যত গগৈয়ে কয় যে, অসমৰ বিজেপি চৰকাৰ আৰু সাম্প্ৰদায়িক আৰ এছ এছে মাত্ৰ দুটামান ধৰ্মীয় সম্প্ৰদায়ৰ ক্ষতি কৰিবলৈ গৈ অসমৰ অসমীয়া খিলঞ্জীয়া খেতিয়ক সকলক পেটে মাৰিব বিচাৰিছে । গো-সুৰক্ষা আইনৰ জৰিয়তে যিসকলৰ গো-মাংস খাদ্য বন্ধ কৰিব বিচাৰিছে, সেই সকলে গো-মাংস নোখোৱাকৈ জীয়াই থাকিব পাৰে; কিন্তু মিচিং, বড়ো, নেপালী খেতিয়ক আৰু আমাৰ খিলঞ্জীয়া অসমীয়া, যিসকলে গৰুৰে হালবাই, গৰু এটা বিক্ৰী কৰি নিজৰ ল’ৰা-ছোৱালীক মেট্ৰিক পৰীক্ষা দিয়াই সেইসকলৰ অৰ্থনৈতিক অৱস্থা কি হ’ব বুলি প্ৰশ্ন তোলে অখিল গগৈয়ে ৷
সোমবাৰে জোনাই, ধেমাজি, মাজুলী, লখিমপুৰ, শদিয়া, লাইকা, দধিয়া এই অঞ্চল বিলাকৰ থলুৱা খেতিয়ক সকলৰ প্ৰধান জীৱিকাৰ উৎস হ’ল গৰু পালন । সেইকাৰণে এই মূহুৰ্তত গো-সুৰক্ষা আইনৰ বিৰুদ্ধে সকলো খিলঞ্জীয়া খেতিয়ক সকলে মাৰবান্ধি ঠিয় হ’ব লাগিব বুলি কয় বিধায়কজনে ।