অসম

assam

ETV Bharat / state

অসাধাৰণ স্মৃতি শক্তিৰে পৰিপূৰ্ণ এগৰাকী বিস্ময় বালক - প্ৰিয়ম শৰ্মা

মাথোঁ 4 বছৰ বয়সতে দেশ-বিদেশৰ ভিন্ন জ্ঞানেৰে পৰিপুষ্ট ধেমাজি জিলাৰ গোগামুখৰ অন্তৰ্গত মহৰিকেম্পৰ প্ৰিয়ম শৰ্মা নামৰ শিশুটি ৷ শিশুটিৰ অসাধাৰণ স্মৃতি শক্তিয়ে ইতিমধ্যে হতচকিত কৰি তুলিছে বিভিন্নজনক ৷

প্ৰিয়ম
প্ৰিয়ম

By

Published : Aug 15, 2020, 5:21 PM IST

Updated : Aug 15, 2020, 6:03 PM IST

ধেমাজি, 15 আগষ্ট: অসাধাৰণ, অবিশ্বাস্য স্মৃতি শক্তৰে পৰিপুষ্ট এটি শিশু প্ৰিয়ম শৰ্মা ৷ ধেমাজি জিলাৰ গোগামুখৰ অন্তৰ্গত মহৰিকেম্প অঞ্চলৰ বাসিন্দা প্ৰণৱ শৰ্মা আৰু অনিতা শৰ্মাৰ পুত্ৰ প্ৰিয়ম শৰ্মাই অনায়াসে এফালৰ পৰা কৈ যাব পাৰে ভাৰতৰ ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ নাম ৷ যিটো প্ৰাপ্ত বয়স্ক লোকৰ বাবেও হয়টো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰেই অনুৰূপ ৷

অসাধাৰণ স্মৃতি শক্তিৰে পৰিপূৰ্ণ এগৰাকী বিস্ময় বালক

যি সময়ত এটি শিশুক অ, আ, ক, খ শিকাবলৈ অভিভাৱকে যথেষ্ট কষ্ট কৰিবলগীয়া হয় তেনে সময়তে বিদ্যালয়লৈ নোযোৱাৰ পূৰ্বেই প্ৰিয়মৰ মুখত আখৈ ফুটাদি ফুটিছে ভিন্ন প্ৰশ্নৰ উত্তৰ ৷ কেৱল ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নামেই নহয়, প্ৰিয়মে সলসলীয়াকৈ ক'ব জানে ভিন্ন ৰাজ্যৰ ৰাজধানীসমূহৰ লগতে, পৃথিৱীৰ ভিন্ন দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী সকলৰো নাম ৷ বিদ্যালয়ৰ আনুষ্ঠানিক আদিপাঠ নোলোৱাকৈয়ে অসাধাৰণ স্মৃতি শক্তিৰে সকলোকে হতচকিত কৰি তোলা প্ৰিয়মৰ মাতৃয়ে, 2 বছৰ বয়সৰ পৰাই কণমানিটোক শিকাইছিল এনে ধৰণৰ কেতবোৰ সাধাৰণ জ্ঞানৰ পাঠ ৷

বিস্ময় বালক প্ৰিয়ম

আচৰিত যেন লাগিলেও এই অবুজ শিশুটিৰ প্ৰখৰ স্মৃতি শক্তিয়ে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ সঁচাকৈয়ে কোনো ঐশ্বৰিক শক্তিৰে পৰিপুষ্ট প্ৰিয়ম যেন এগৰাকী বিস্ময় বালক ৷ মুখত সুস্পষ্টভাৱে মাত নুফুটাকৈয়ে প্ৰিয়মে জানে পৃথিৱীৰ বহু কথা ৷ শিশুটিৰ এই প্ৰখৰ স্মৃতিশক্তি যেন হৈ ৰয় চিৰযুগমীয়া ৷

লগতে পঢ়ক:ক'ত, কেনেকৈ আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?

Last Updated : Aug 15, 2020, 6:03 PM IST

ABOUT THE AUTHOR

...view details