ধেমাজি,24 এপ্ৰিল:এফালে কৰ’ণাৰ সংহাৰী ৰূপ আৰু আনফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ এই দুই পৰিস্থিতিয়ে জুৰুলা কৰিছে ধেমাজিৰ সৰ্ব সাধাৰণ ৰাইজক ৷ দাম বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজি নগৰৰ সদাব্যস্ত ২নং দৈনিক বজাৰৰ একাংশ খুচুৰা ব্যৱসায়ীৰ লগতে নগৰখনৰ কেইবাখনো পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান ৷
ইয়াৰ লগতে দাম বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে একাংশ ব্যৱসায়ীয়ে ৷ তেওঁলোকে জনোৱা মতে, বিগত সপ্তাহৰ পৰা হোৰাহোৰে বৃদ্ধি পাইছে মিঠাতেল, ৰিফাইন তেল, দালি, আলু, পিঁয়াজ আদিৰ দাম ৷ পাইকাৰী ব্যৱসায়ীসকলৰ মতে,মিঠাতেলৰ প্ৰতি লিটাৰত দাম বৃদ্ধি পাইছে ১০-১২ টকালৈ ৷ মচুৰ ডাইলৰ প্ৰতি কিল’গ্ৰামত ৫-১০ টকাকৈ হৈছে মূল্য বৃদ্ধি ৷ অনুৰূপভাৱে বাঢ়িছে আলু, পিঁয়াজৰ দাম ৷