অসম

assam

জীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী

By

Published : Jul 1, 2020, 2:13 PM IST

ধেমাজিৰ জিয়াধল নদীত উটি আহিল 30 টাতকৈও অধিক পিপিই কিট আৰু অন্যান্য সামগ্ৰী ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা এই সামগ্ৰীসমূহ উটি অহা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি
জীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী

ধেমাজি, 1 জুলাই : যি সময়ত কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে সেই সময়তে ধেমাজিত নদীৰ পানীত উটি আহিছে পিপিই কিট ৷ ধেমাজিত জীয়াধল নদীত উটি আহিল টোপোলাই টোপোলাই পিপিই কিট, বেজি আৰু চেলাইন ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত ব্যৱহৃত সামগ্ৰীসমূহ উদ্ধাৰৰ পাচতে ধেমাজিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

জীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী

টোপোলা কৰি ৰখা 30 টাতকৈও অধিক হেণ্ড গ্লভচ, বেজি, পিপিই কিট আদিকে কৰি বিভিন্ন সামগ্ৰী উটি আহে জীয়াধলৰ পানীত ৷ কোনে, ক'ত, কিয় এইসমূহ সামগ্ৰী পেলালে ইয়াক লৈ বৰ্তমান স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰশাসনক খবৰ কৰিও কোনো সুদুত্তৰ নাপালে ৰাইজে |

জীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী

আনহাতে, প্ৰশাসনে বিষয়টো স্বাস্থ্য বিভাগলৈ ঠেলি দিয়াৰ পাচত স্বাস্থ্য বিভাগে পৌৰসভালৈ ঠেলি দিয়া বুলি জানিব পৰা গৈছে | কৰ'ণা আতংকৰ মাজতে চিকিৎসালয়ৰ এইসমূহ পানীত পেলোৱা সামগ্ৰীয়ে আন বহুজনলৈ ৰোগ বিয়পাব পাৰে বুলিও সন্দেহ কৰিছে বহুজনে ৷

লগতে পঢ়ক : ধিঙত পিষ্টলসহ সজীৱ গুলি উদ্ধাৰ

ABOUT THE AUTHOR

...view details