অসম

assam

ধেমাজিত শক্তি বিভাগৰ মৰণ ফান্দ

By

Published : Jul 6, 2019, 7:51 PM IST

Updated : Jul 6, 2019, 10:33 PM IST

ধেমাজিত উচ্চ বিদ্যুৎ পৰিৱাহী তাঁৰৰ সৈতে বাঁহৰ খুঁটা সংযোগ কৰিছে শক্তি বিভাগে ৷ ইয়াৰ ফলত ভয়াবহ বিপদৰ সন্মুখীন হৈছে বহুকেইজন লোক ৷

শক্তি বিভাগৰ মৰণ ফান্দ

ধেমাজি, 6 জুলাই :ধেমাজি জিলা বিদ্যুৎ সংমণ্ডলৰ অধীনৰ বৃহত্তৰ নিলখপুৰ অঞ্চলত শক্তি বিভাগে পাতিছে মৰণ ফান্দ ৷ অতি গুৰুত্বপূৰ্ণ গ্ৰাম্য পথৰ দাঁতিত উচ্চ বিদ্যুৎ পৰিৱাহী তাঁৰৰ সৈতে শক্তি বিভাগে 10/12 টাকৈ বাঁহৰ খুঁটা সংযোগ কৰিছে ৷ ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন হোৱাৰ সম্ভাৱনা আছে অঞ্চলটোত ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, বৰষুণৰ সময়ছোৱাত এই বাঁহৰ খুঁটাৰেও বিদ্যুৎ পৰিবাহিত হয় ৷ তাৰোপৰি, এই অঞ্চলটোত তিনিটাকৈ খুঁটা স্থাপন কৰিব লাগে যদিও মাত্ৰ দুটা খুঁটাৰে কাম চলি থকাৰ বাবে মাজে মাজে বাহঁৰ খুঁটা পুতি দায়িত্ব সামৰিছে বিভাগটোৱে ৷

শক্তি বিভাগৰ মৰণ ফান্দ

উল্লেখ্য যে, ইতিমধ্যে, বহুবাৰ ভয়াবহ বিপদৰ পৰা কথমপি ৰক্ষা পৰা বুলিও স্থানীয় লোকে মন্তব্য কৰিছে ৷ ইপিনে এই বিষয়ে সংশ্লিষ্ট বিভাগক বাৰাম্বাৰ অৱগত কৰাৰ পাছতো আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই শক্তি বিভাগে ৷

Last Updated : Jul 6, 2019, 10:33 PM IST

ABOUT THE AUTHOR

...view details