ধেমাজি,22 জুন : সাপ , নিগনিৰ বাসস্থানলৈ পৰিণত ধেমাজিৰ কৃষি কাৰ্যালয়ৰ গুদাম । নিগনিৰ গাঁতত জহি - খহি গৈছে চৰকাৰী কৃষি সামগ্ৰী ।
যি সময়ত কৃষি মন্ত্ৰী অতুল বৰাই কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়নৰ জৰিয়তে বিভাগটোলৈ যুগান্তকাৰী পৰিৱৰ্তন অনা হব বুলি দৃঢ়তাৰে দাবী কৰি আহিছে তেনে সময়ত ধেমাজি কৃষি বিভাগৰ চৰকাৰী জৰাজীৰ্ণ গুদামত জহি -খহি গৈছে কৃষি বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী । কৃষকক যোগান ধৰিবলগীয়া বিভিন্ন সামগ্ৰী , সাৰ , ওষধ , যান্ত্ৰিক সামগ্ৰী এতিয়া নিগনি গাঁতত । সম্প্ৰতি সাপ , বেং , নিগনি আদিৰ আৱাসস্থলীলৈ পৰ্যবসিত হৈছে ধেমাজি সদৰৰ কৃষি কাৰ্যালয়ৰ একমাত্ৰ গুদাম গৃহটো ।
ধেমাজিত নিগনিৰ গাঁতত কৃষি বিভাগৰ সামগ্ৰী - ধেমাজি
যি সময়ত কৃষি মন্ত্ৰী অতুল বৰাই কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়নৰ জৰিয়তে বিভাগটোলৈ যুগান্তকাৰী পৰিৱৰ্তন অনা হব বুলি দৃঢ়তাৰে দাবী কৰি আহিছে তেনে সময়ত ধেমাজি কৃষি বিভাগৰ চৰকাৰী জৰাজীৰ্ণ গুদামত জহি -খহি গৈছে কৃষি বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী । কৃষকক যোগান ধৰিবলগীয়া বিভিন্ন সামগ্ৰী , সাৰ , ওষধ , যান্ত্ৰিক সামগ্ৰী এতিয়া নিগনি গাঁতত । সম্প্ৰতি সাপ , বেং , নিগনি আদিৰ আৱাসস্থলীলৈ পৰ্যবসিত হৈছে ধেমাজি সদৰৰ কৃষি কাৰ্যালয়ৰ একমাত্ৰ গুদাম গৃহটো ।
ধেমাজিত নিগনিৰ গাঁতত কৃষি বিভাগৰ সামগ্ৰী
গুদামৰ এনে অৱস্থাত চিন্তিত হৈ পৰিছে নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত কৃষি বিষয়াগৰাকী ৷ ধেমাজি কৃষি কাৰ্যালয়টোৰ এনে অভাৱ অভিযোগ সমূহ গুৰুত্বসহকাৰে লৈছে আৰু ক্ষীপ্ৰতাৰে যাবতীয় পদক্ষেপ গ্ৰহন কৰি কাৰ্যালয়টোক এক নতুন ৰূপ দিব বুলিও মন্তব্য কৰে জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়াগৰাকীয়ে ।