জোনাই, ১৪ ছেপ্টেম্বৰ :চৰকাৰে আহে আৰু যায় ৷ কিন্তু নিৰ্বাচনৰ সময়ত ৰাইজৰ পৰা ভোট বিচাৰি জনতাৰ কাষত দিয়া প্ৰতিশ্ৰুতিবোৰ মাথোঁ ৰৈ যায় । দেশৰ চুকে-কোণে প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে আৰম্ভ কৰা জল জীৱন মিছন আঁচনি ধোঁৱা চাঙত উঠিছে ধেমাজি জিলাৰ জোনাইত ৷ এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱত আজিও জোনাইৰ কেইবাটাও অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে ।
জোনাইৰ বেৰা চাপৰি অঞ্চলৰ টাৰিবস্তি গাঁৱৰ অৱস্থা তেনেই তথৈবছ । আদিম যুগৰ দৰে বালিচৰত গাঁত খান্দি বছৰ বছৰ ধৰি প্ৰায় ১০ টাৰো অধিক পৰিয়ালে সেৱন কৰি আহিছে বৰবিহ স্বৰূপ লেতেৰা ঘোলাপানী । গাঁৱখনৰ পৰা মাত্ৰ ২০০ মিটাৰ আঁতৰত নিৰ্মাণ কৰা হৈছে এটা অভিলাসী জল জীৱন মিছন আঁচনি । কিন্তু আঁচনিখনৰ নিচেই কাষতে থকা এই গাঁৱখনে পোৱা নাই এই আঁচনিৰ সুবিধা ।
আনহাতে, জোনাইৰ ৰায়াং শান্তিপুৰ গাঁৱতো একেই অৱস্থা ৷ বছৰ বছৰ ধৰি খৰালি-বাৰিষা দুটা সময়তে ৰাইজে খাই আহিছে পাহাৰৰ পৰা বৈ অহা ৰায়াং নদীৰ বুকুৰ কুঁৱা সদৃশ গাঁতৰ লেতেৰা পানী । গা-ধোৱা, বাচন বৰ্তন, কাপোৰ কানি ধোৱা আদি কামৰ লগতে জীৱ-জন্তুৱে সেৱন কৰে সেই একেখিনি পানীকে ৷