জোনাই, ৩ নৱেম্বৰ :ধেমাজি জিলাৰমূৰ্কংচেলেক উন্নয়ন খণ্ডৰ গালি চিকাৰী গাওঁ পঞ্চায়তৰ ১ নং জীয়াঢল গাঁৱৰ ৰাজহুৱা ভৱনত দুৰ্যোগ প্ৰশমন বিভাগে এক সজাগতামূলক সভাৰ আয়োজন কৰে । গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰ চমুকৈ আৰভিচিৰ (RVC) উদ্যোগত আৰু মুখ্য কাৰ্যালয় জাৰ্মানীত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংস্থা কেৰিটাছ ইণ্ডিয়াৰ সহযোগত এই সভাৰ আয়োজন কৰা হয় । আৰভিচিৰ কোষাধ্যক্ষ নৱ কামানে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত ইটানগৰৰ দৈমুখৰ পাপুমপাৰেস্থিত ১২ নং ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগ প্ৰশমনৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায় ।
১২ নং NDRFৰ কামাণ্ডাৰ বলেন শইকীয়াৰ নেতৃত্বত দহজনীয়া এটা দলে বানপানী, ভূমিকম্প, অগ্নিকাণ্ড,আকস্মিক দুৰ্ঘটনা আৰু হৃদৰোগত আক্ৰান্ত হোৱাৰ সময়ত ল'ব লগা সাৱধানতা, কৌশল আৰু ব্যৱস্থাপনাৰ ওপৰত অনুশীলন প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা চলায় । ইয়াৰ পাছতে বানপীড়িত আৰু আৰ্থিকভাৱে পিছপৰা অঞ্চলত আৰভিচিৰ উদ্যোগত কেৰিটাছ ইণ্ডিয়াই গ্ৰহণ কৰা গ্ল'বেল প্ৰগ্ৰেম ইণ্ডিয়াৰ অধীনত চৰকাৰৰ উন্নয়নমূলৰ আঁচনিসমূহ কেনেদৰে গ্ৰহণ কৰি লাভাম্বাৱিত হ'ব পাৰি তাৰ ওপৰত সমল ব্যক্তি হিচাপে জোনাইৰ জ্যেষ্ঠ অধিবক্তা বলোৰাম ৰাভাই ভাষণ ৰাখে ।