ধেমাজী, 10 মে’ : ‘নৈৰ সমান ব’ব কোন, আইৰ সমান হ’ব কোন’ ৷ 9 মে‘ আন্তজাৰ্তিক মাতৃ দিৱস ৷ প্ৰতি গৰাকী মাতৃয়ে নিজ সন্তানৰ বাবে নিজৰ জীৱনকো তুছ জ্ঞান কৰি সৰ্বোচচ ত্যাগ কৰি আহিছে ৷ সন্তানক ডাঙৰ দীঘল কৰি মানুহ কৰাৰ বাবে পিতৃতকৈ যেন অধিক অহোপুৰুষাৰ্থ কৰি আহিছে ৷ সেয়ে এই দিনটো জন্মদাত্ৰীসকলৰ বাবে বিশেষ দিন হিচাপে পালন কৰা হয় ৷
পিছে পৰিতাপৰ বিষয় যে, একাংশ মাতৃয়ে জীৱনৰ বিয়লি বেলাত পুত্ৰ বোৱাৰীৰ বাবে বোজা হোৱা বুলি অনুভৱ কৰিছে ৷ নিজৰ ঘৰ তথা পৰিয়ালৰ অৱহেলা পাত্ৰ হোৱাৰ বাবে অৱশেষত জীৱনৰ বিয়লি বেলাত বৃদ্ধাশ্ৰমৰ দৰে ঠাইত আশ্ৰয় ল’বলগীয়া দৰে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ যি সময়ত নাতি-নাতিনীৰে ভৰা এখন ঘৰত কটাব লাগে সেই সময়ত তেওঁলোকৰ এতিয়া বৃদ্ধাশ্ৰম শেষ ঠিকনা হৈছেগৈ ৷
ধেমাজি জ্যেষ্ঠ কুঞ্জত মাতৃ দিৱস পালন ধেমাজিৰ নিমাতিচুকস্থিত জ্যেষ্ঠ নাগৰিকসকলৰ আবাস গৃহ জ্যেষ্ঠ কুঞ্জৰ আবাসী আইতাসকলে মাতৃ দিৱসৰ দিনটোত পৰিয়ালৰ পৰা আতঁৰি থাকিও মনত সন্তাপ নথকা বুলি ব্যক্ত কৰিলে ৷ সময় মতে সুষম আহাৰ যোগাৰ ধৰাৰ উপৰিও পৰিচৰ্চা কৰি থকা আশ্ৰমৰ পৰিচালক-পৰিচালিকাসকলেই পুত্ৰ-বোৱাৰী আৰু জী দৰে আকোঁৱালি লৈছে বুলি কৈ সকলো মাতৃ সমাজক মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
উল্লেখ্য যে, ভাৰত চৰকাৰৰ সামাজিক ন্যায় সৱলীকৰণ মন্ত্ৰণালয়ৰ সাহাৰ্য্যপ্ৰাপ্ত লখিমপুৰৰ খৰাপথাৰ যুৱক সমাজৰ দ্বাৰা এই বৃদ্ধাশ্ৰমখন পৰিচালিত হৈ আহিছে ৷ পৰিচালকগৰাকীয়ে জানিব দিয়া মতে, বৰ্তমান ১২ গৰাকী বৃদ্ধাই আশ্ৰয় লোৱাৰ লগতে চিকিৎসাৰ বাবে এগৰাকী নাৰ্চ, এগৰাকী চিকিৎসক আৰু চোৱাচিতা কৰাৰ বাবে ন গৰাকীকৈ কৰ্মচাৰী আছে ৷
লগতে পঢ়ক : বৃদ্ধ বয়সতো জীৱন সংগ্ৰামত ব্ৰতী খোৱাঙৰ পাৰুল সোণোৱাল