জোনাই, 19 নৱেম্বৰ :ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমৌ চি এফ চি গৃহত মিচিং স্বায়ত্তশাসিত পৰিষদৰ 8 নং চিলাসুঁতি সমষ্টিত এখন গাঁওসভা অনুষ্ঠিত হয় ৷ শনিবাৰে অনুষ্ঠিত হোৱা সভাত 2024-25 বিত্তীয় বৰ্ষত পৰিষদখনে গ্ৰহণ কৰিব লগীয়া বিভিন্ন উন্নয়নমূলক আঁচনি আৰু বিভিন্ন হিতাধিকাৰী বাচনিৰ সন্দৰ্ভত পঞ্চায়ত ভিত্তিত সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ 8 নং সমষ্টিৰ সদস্য কনক দলেৰ আহ্বান মৰ্মে সভাৰ সভাপতিত্ব কৰে সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা গোপাল চুতীয়াই ৷
প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা গাঁওসভাতে চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱকান্ত পেগুৱে মিচিং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিব লগা উন্নয়নমূলক আঁচনিসমুহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ তদুপৰিও পঞ্চায়তৰ জৰিয়তে যাতে ৰাইজে চৰকাৰি আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে, লগতে চৰকাৰি আঁচনি সুবিধা লাভ কৰিবলৈ হ’লে ৰাইজে কৰিবলগীয়া কৰ্মসমূহৰ বিষয়ে ৰাইজক সজাগ কৰে ৷