অসম

assam

By

Published : Aug 3, 2020, 11:02 PM IST

ETV Bharat / state

চিলাপথাৰত উপস্থিত মন্ত্ৰী পীয়ুয হাজৰিকা

সোমবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুয হাজৰিকা আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা চিলাপথাৰত উপস্থিত হয় ৷ উক্ত অঞ্চলত উপস্থিত হৈ 25 হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷

MINISTER PIYUJ HAZARIKA VISIT ASSAM DHEMAJI
চিলাপথাৰত উপস্থিত মন্ত্ৰী পীয়ুয হাজৰিকা

জোনাই, 3 আগষ্ট :ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে সোমবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুয হাজৰিকা আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা চিলাপথাৰত উপস্থিত হয় ৷ উক্ত অঞ্চলত উপস্থিত হৈ 25 হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে, চিলাপথাৰ নগৰৰ যিসকল ৰাইজৰ মাটিৰ ম্যাদি পট্টা এতিয়ালৈকে নাই সেই সকলৰ বাবে মন্ত্ৰী পীয়ুয হাজৰিকাই সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূবন পেগু আৰু ধেমাজি জিলাৰ উপায়ুক্তক ৰাইজৰ সুবিধা হোৱাকৈ অতিশীঘ্ৰে পদক্ষেপ ল'বলৈ আহ্বান জনাই ।

ইয়াৰ উপৰিও, চিলাপথাৰ চছাইটিৰ এটা PMAY বাসগৃহ শুভৰম্ভ কৰাৰ লগতে আৱাস যোজনাৰ বাবদ বাকি থকা 30,000 টকাকৈ তিনিজন হিতাধিকাৰীক প্ৰদান কৰে । তাৰ পিচত চিলাপথাৰ অঞ্চলত অৱস্থিত ডনি পল কমপ্লেক্সত উপস্থিত হৈ মহিলা সকলৰ উন্নতি সপক্ষে পাঁচটা গোটক 50000 হাজাৰ টকাৰ চেক প্ৰদান কৰে ।

চিলাপথাৰত উপস্থিত মন্ত্ৰী পীয়ুয হাজৰিকা

ইফালে, ধেমাজি জিলালৈ আহি অসম চৰকাৰৰ মন্ত্ৰী পীয়ুয হাজৰিকাই চিলাপথাৰ নগৰত এটা PMAY গৃহৰ উদ্বোধন কৰাৰ লগতে ডনি পল' কমপ্লেক্সত হিতাধিকাৰীসকলৰ মাজত চেক প্ৰদান কৰে । আনহাতে, ধেমাজি নগৰত মন্ত্ৰী পীয়ুয হাজৰিকাই PMAY গৃহৰ আধাৰশিলা স্থাপন কৰে ৷

উল্লেখ্য যে, অসমত ইতিমধ্যে 23 হাজাৰ PMAY গৃহ হিতাধিকাৰীয়ে লাভ কৰিছে । সৰ্বমুঠ অসমত 1 লাখ 16 হাজাৰ গৃহ অনুমোদন হৈ আছে যদিও প্ৰয়োজন সাপেক্ষে হিতাধিকাৰীৰ বাবে এই গৃহৰ সংখ্যা চৰকাৰে আৰু বৃদ্ধি কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : পশ্চিম ত্ৰিপুৰাত চিপ লৈ হত্মহত্যা দুই ব্যৰ্থ প্ৰেমিকৰ

ABOUT THE AUTHOR

...view details