ধেমাজি , 7 মে : ধেমাজিত পথ নিৰ্মাণত দুৰ্নীতি । ভুৱা হিতাধিকাৰী নামত আঁচনিৰ ধন আত্মসাৎ । ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত 7 নং বিষ্ণুপুৰ গাঁও পঞ্চায়তত ,const. of Agriculture Road from 5 no Bishnupur SC gaon to jiadhal E & D . Dyk e Bandh under MGNREGA - 2018- - 19 নামৰ আঁচনি খন ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ মতে এমজি এনৰেগাৰ অধীনত নিৰ্মিত হোৱা পথটো অতি নিম্ন মানদণ্ড হোৱা লগতে সুদূৰ বেংগলত থকা ৰমেন বিশ্বাস, প্ৰণতি মণ্ডল নামত কাম কৰা দেখুৱাই ধন আঁচনিৰ ধন আত্মসাৎ কৰিছে । সেইদৰে ৰঞ্জিত বিশ্বাস, ৰাম বিশ্বাস নামৰ ভুৱা হিতাধিকাৰীৰ নামত আঁচনিৰ ধন আত্মসাৎ কৰিছে পঞ্চায়তৰ সংশ্লিষ্ট বিষয়ববীয়া সকলে ।
ধেমাজিত পথ নিৰ্মাণত দুৰ্নীতি - DHEMAJI DEVELOPMENT BLOCK
দুৰ্নীতিৰ সমস্ত ঘটনাৰ সন্দৰ্ভত অঞ্চলটোৰ খগেন বৰা নামৰ সচেতন লোকজনে ধেমাজি খণ্ড উন্নয়ন বিষয়া, ধেমাজি উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা তৰুণ বৰা, বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক দীপক গগৈ, বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰোহিনী বৰুৱা, পঞ্চায়তৰ সচিব ৰাজেন্দ্ৰ প্ৰসাদ চাহু বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ।
ধেমাজিত পথ নিৰ্মানত দুৰ্নীতি গোচৰ ৰুজু ধেমাজি সদৰ আৰক্ষী থানাত
আৰু পঢ়ক: অসমীয়া ছবিৰ এক নতুন জোৱাৰ "বৰনদী ভটিয়ায় "
ইতিমধ্যে দুৰ্নীতিৰ সমস্ত ঘটনাৰ সন্দৰ্ভত অঞ্চলটোৰ খগেন বৰা নামৰ সচেতন লোকজনে ধেমাজি খণ্ড উন্নয়ন বিষয়া, ধেমাজি উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা তৰুণ বৰা, বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক দীপক গগৈ, বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ সভাপতি ৰোহিনী বৰুৱা, পঞ্চায়তৰ সচিব ৰাজেন্দ্ৰ প্ৰসাদ চাহু বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ।