জোনাই, 6 ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ অধীনৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ বৰং অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে লালী নদীৰ গৰাখহনীয়াই (Lali river erosion in Jonai) । বৰং অঞ্চলৰ ২ নং পিপ'লগুৰি গাঁৱত অব্যাহত আছে লালী নদীৰ খহনীয়া । নদীখনে পূৰ্বৰ পকী পাৰ্কুপাইন স্থাপন কৰা অংশৰ পৰা ডেৰশ মিটাৰ অতিক্ৰম কৰি পিপ'লগুৰি গাঁৱৰ দিশলৈ গতি কৰিছে (Erosion of lali river in Jonai) ।
কেইবাদিন ধৰি নদীখনৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত গালিঘাক কৰ্ণপুৰ সংযোগী লালী নদীৰ বান্ধলৈ ভাবুকি আহি পৰিছে ৷ বান্ধৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰ মান দূৰত অৱস্থান কৰিছে নৈৰ খহনীয়াই (Massive river bank erosion) । মঙলবাৰে লাইমেকুৰী গাঁও পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলি, জোনাই জিলা ট্ৰাইবেল য়ুথ লীগৰ সভাপতি পংকজ টায়ে আৰু স্থানীয় ৰাইজৰ এটা সঁজাতি দলে ২ নং পিপ'লগুৰি গাঁওবাসীলৈ ভাবুকি কঢ়িয়াই অনা লালী নদীৰ ভয়াৱহ বান-খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰে ।
সভাপতি গৰাকীয়ে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অৱগত কৰি সমাধানৰ আশ্বাস প্ৰদান কৰে ।
কেৱল জোনাইতেই নহয় ৰাজ্যৰ আন কেইবাটাও স্থানত অব্যাহত আছে খহনীয়া (River bank erosion in Assam)৷ কলগাছিয়াত বেঁকী নদীয়ে, কলিয়াবৰৰ বৰঘূলিত ব্ৰহ্মপুত্ৰই, আমগুৰিৰ হাতীমুৰীয়াত জাঁজী নৈয়ে, আৰু যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই বিপদ মতা পৰিলক্ষিত হৈছে ৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে বিভিন্ন খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে বিভাগক ৷