ধেমাজি, 1 মে’: অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত শনিবাৰে ধেমাজি সদৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী দুৱৰাই আনুষ্ঠানিকভাৱে এই বিতৰণী অনুষ্ঠান মুকলি কৰে ৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই কয় যে, প্ৰতিটো বৰ্ষতে ১ মে’ত উদযাপন কৰা ৰঙালী বিহু সন্মিলনখনি এই বৰ্ষত কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় ৷
ধেমাজিত দুহেজাৰ মাস্ক-চেনিটাইজাৰ বিতৰণ
শনিবাৰে ধেমাজি সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী দুৱৰাই আনুষ্ঠানিকভাৱে এই বিতৰণী অনুষ্ঠান মুকলি কৰে ৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া উপস্থিত থাকে ৷
ধেমাজিত দুহেজাৰ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ
ইয়াৰ লগতে সভাপতি গৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা ৰাইজক কৰ’ণাৰ হকে যুঁজিবলৈ আহ্বান জনোৱাৰ লগতে দুহেজাৰ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: গুজৰাটৰ ক'ভিড হাস্পতালৰ অগ্নিকাণ্ডত ১৬ গৰাকী ৰোগীৰ মৃত্যু