জোনাই, 28 ফেব্ৰুৱাৰী: ঐতিহাসিক অসমৰ ৰোগ-চিকিৎসাৰ বাবে বহু দূৰৰ পৰা অসমৰ বৈদ্য-কবিৰাজ সকলৰ ওচৰলৈ ৰোগী অহাৰ কথা ইতিহাসে সাক্ষ্য বহন কৰে৷ যিসমূহ বনৌষধিয়ে এসময়ত আন লোকৰ চিকিৎসাৰ মহৌষধ হিচাপে কাম দিছিল, সেই বনৌষধিজাত সামগ্ৰীসমূহে আজিও অসমীয়া গাঁৱলীয়া সমাজত এক সুকীয়া স্থান বহন কৰি আহিছে ৷ অসমৰ সমাজ জীৱনত এক সুকীয়া স্থান বহন কৰা এই বনৌষধি চিকিৎসাসেৱাক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে জোনাইৰ এগৰাকী ব্যক্তিয়ে নীৰৱে চলাই আহিছে চিকিৎসা সেৱা (Herbal treatment in Jonai)।
জোনাইৰ কেমি জেলম পঞ্চায়তৰ অন্তৰ্গত ওপৰ চিৰুং গাঁৱৰ মটুৰা পেগুৱে বহু বছৰ পূৰ্বৰ পৰাই বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক বনৌষধৰ জৰিয়তে চিকিৎসা কৰি অসংখ্য লোকক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে৷ মটুৰা পেগুৰ এই প্ৰচেষ্টাক সন্মান জনাই ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্য চৰকাৰেও প্ৰদান কৰিছে সন্মান ৷
বিশেষকৈ মানুহৰ হাড় ভঙা, কৰ্কট, চাইনাচ আদি বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীক বনৌষধেৰে চিকিৎসা কৰে মটুৰা পেগুৱে৷ যিহেতু অসমৰ হাবিৰ পৰা বৰ্তমান সময়ত বহু বনৌষধিৰ প্ৰজাতি লুপ্ত হৈ গৈছে, সেয়েহে যিবোৰ গছ এতিয়াও লুপ্ত হোৱা নাই তাৰে কিছু বনৌষধিৰ প্ৰজাতি মটুৰা পেগুৱে সংৰক্ষণ কৰিছে তেওৰ নিজৰ বাৰীতে৷ নিজৰ বাৰীতে উপলব্ধ এইসমূহ বনৌষধেৰে মটুৰা পেগুয়ে কৰি গৈছে ৰোগীৰো চিকিৎসা৷ মটুৰা পেগুয়ে অৱগত কৰা মতে, অসম চৰকাৰে বনৌষধ সমূহ নিৰীক্ষণ কৰি তাক ব্যৱহাৰ কৰিব পাৰিব বুলিও স্বীকৃতি দিছে ৷