অসম

assam

By

Published : Apr 6, 2023, 6:42 PM IST

ETV Bharat / state

Special weaver from Dhemaji: তাঁতশালত সপোন ৰচা ধেমাজিৰ নীলোৎপলৰ কথাৰে...

ৰঙালী বিহুৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে ধেমাজি মাছখোৱাৰ মুগা কাপোৰ প্ৰস্তুত কৰা শিপিনি নীলোৎপল দুৱৰাৰ (Dhemaji man weaver) ৷ থলুৱা গামোচা উৎপাদন কৰা অসমৰ গাঁৱৰ যুৱ শিপিনি সমাজ পাৱাৰ লুমৰ গামোচাক লৈ উদ্বিগ্ন ৷

special weaver from dhemaji khalihamari
শিপিনি নীলোৎপল দুৱৰা

শিপিনি নীলোৎপল দুৱৰা

ধেমাজি, 6 এপ্ৰিল: সোণোৱালী সূতাৰ দেশ অসমৰ ধেমাজিৰ মাছখোৱাত মুগা শিল্পই শিপিনীসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা । এচাম লোকৰ বাবে আৰ্শীবাদ স্বৰূপ হৈ পৰিছে মুগা শিল্প ৷ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত মাছখোৱাৰ যোৰকটা অঞ্চলত ব্যস্ততাৰ বাঢ়িছে শিপিনীসকলৰ ৷ ধেমাজি মাছখোৱাৰ যোৰকটা 1 নং খলিহামাৰীৰ উদ্যোমী যুৱক নীলোৎপল দুৱৰাই মুগা আৰু এড়ি সূতাৰ তাঁতশালৰ যোগেদি থলুৱা বয়ন শিল্প বিপ্লৱ গঢ়ি তুলিছে ৷

উদ্যোমী যুৱক নীলোৎপলে তেওঁৰ বাসগৃহত স্থাপন কৰিছে দহখনকৈ অত্যাধুনিক তাঁতশাল, য’ত বিহুৰ আগমণৰ লগে লগে দিনে নিশাই শুনিবলৈ পোৱা গৈছে শিপিনীৰ মাকোৰ খিটখিটনি ৷ এই তাঁতশালতেই নীলোৎপলৰ সৈতে আনসকল শিপিনীয়ে মুগা, টচ, ৰিহা আৰু এড়ি কাপোৰ প্ৰস্তুত কৰিছে (Dhemaji man weaver news) ৷ তাঁতি তথা আদৰ্শ যুৱকজনে জনোৱা মতে বৰ্তমান বজাৰত মুগা কাপোৰৰ যথেষ্ট চাহিদা আছে ৷ কাৰণ নিৰ্ভেজাল মুগা কাপোৰ সকলোৰে আদৰৰ ৷ বিহু বা যিকোনো উৎসৱ-পাৰ্বণত সকলোৱে মুগাৰ কাপোৰ এযোৰ নতুবা মুগাৰ ৰিহা এখন সকলোৱে বিচাৰে ৷ সেয়েহে তেওঁৰ মুগা কাপোৰৰ ওপৰত অধিক গুৰুত্ব দিছে ৷

নীলোৎপল দুৱৰাৰ মুগা তাঁতশালৰ লগতে আছে এড়ি তাঁতশাল আৰু গামোচা প্ৰস্তুত পৰা তাঁতশাল ৷ অৱশ্যে বজাৰত এতিয়াও পাৱাৰ লুমৰ গামোচা কম দামত সকলোৱে ক্ৰয় কৰাৰ বাবে অসমীয়া চেনেহৰ দীঘ-বানীৰে তথা পকোৱা সূতাৰে প্ৰস্তুত কৰা গামোচাৰ পৰিৱৰ্তে টচৰ সূতাৰেহে গামোচা প্ৰস্তত কৰিছে তেওঁ (weaving) ৷ বিহুৰ বতৰত পাৱাৰ লুমৰ গামোচা বিভিন্ন কাপোৰৰ বিপনীত উপলব্ধ হোৱাক লৈ সন্দেহ আঁতৰা নাই তেওঁৰ ৷

চৰকাৰে এইক্ষেত্ৰত কিমান দূৰ সফল হ’ব তাক লৈ সন্দিহান হৈ আছে শিপিনী সমাজ ৷ সেয়ে পাৱাৰ লুমৰ গামোচাৰ চাহিদা থকাৰ বাবে বিহু বতৰতো থলুৱা গামোচা প্ৰস্তুত কৰা নাই উদ্যোমী যুৱকজনে । কিয়নো থলুৱা গামোচা এখন ২৫০ টকাতকৈ কম দামত বিক্ৰী কৰিব নোৱাৰে কোনো শিপিনীয়ে, এইবুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই নীলোৎপলে ৷

ইতিমধ্যে যুৱকজনৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগত উৎপাদিত মুগা, টচৰ কাপোৰ, গামোচা বিভিন্ন জনে অৰ্ডাৰ কৰি ক্ৰয় কৰে আৰু বহুতে আনকি প্ৰি বুকিং কৰে বুলিও জানিবলৈ দিয়ে তেওঁ (Special weaver from Dhemaji Khalihamari) ৷ এযোৰ মুগা চেট ৩৫ পৰা ৪০ হাজাৰ পৰ্যন্ত দৰত বিক্ৰী কৰে নীলোৎপলে ৷

যি সময়ত অসমৰ হাজাৰ হাজাৰ যুৱকে কৰ্মসংস্থাপন বিচাৰি কেৰেলা, অন্ধপ্ৰদেশলৈ ঢাপলি মেলিছে, লাখ লাখ নিবনুৱাই এটা চৰকাৰী চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে হাহাঁকাৰ কৰি সময় নষ্ট কৰিছে, তেনে সময়ত ঘৰতে থাকি আন দহজনক কিছু সকাহ দি নিজেও স্বচ্ছলভাৱে জীয়াই থকা পথ অৱলম্বন কৰা তাঁতী নিলোৎপলৰ আদৰ্শ নিসন্দেহে প্ৰশংসনীয় । গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত ভূমিকা লোৱা এইসকল শিক্ষিত যুৱক তথা শিপিনিক চৰকাৰে গুৰুত্ব দিলে নিশ্চয়কৈ ই সমাজৰ বাবে এক আদৰণীয় পদক্ষেপ হ’ব ৷

লগতে পঢ়ক :Kaliabor Man Weaver news: কলিয়াবৰৰ এজন বিশেষ শিপিনিৰ কথাৰে

ABOUT THE AUTHOR

...view details