অসম

assam

ETV Bharat / state

DAC Election 2022: জিমচায়া দলে গঠন কৰিব দেউৰী পৰিষদ: মহেশ দেউৰী - JPP demanded they will win in DAC Election 2022

জোনাইত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী ৰণডংকা ৷ জিমচায়া দলে গঠন কৰিব দেউৰী পৰিষদ - জেপিপিৰ কেন্দ্ৰীয় সভাপতি মহেশ দেউৰী(DAC Election 2022)৷

JPP demanded they will win in DAC Election 2022
DAC Election 2022: জিমচায়া দলে গঠন কৰিব দেউৰী পৰিষদ-জেপিপিৰ কেন্দ্ৰীয় সভাপতি

By

Published : Oct 30, 2022, 10:48 PM IST

জোনাই ,৩০ অক্টোবৰ: সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন(DAC Election 2022)৷ জোনাইত দেউৰী পৰিষদৰ নিৰ্বাচনক লৈ উদুলি মুদলি পৰিৱেশ ৷ অহা 8 নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী পৰিষদৰ নিৰ্বাচন ৷

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰ হৈ পৰা পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান(Deuri Autonomous Council election) ৷ বিভিন্ন ৰাজনৈতিক দলবোৰে সমাগত দেউৰী পৰিষদৰ নিৰ্বাচনক লৈ তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ আজি ১২ নং জোনাই সমষ্টিৰ মনোনীত জেপিপি প্ৰাৰ্থী ৰাজেশ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় জিমঁচায়া জেপিপিৰ কেন্দ্ৰীয় সভাপতি মহেশ দেউৰীয়ে ৷

জিমচাঁয়া(দেউৰী) পিপুলচ্ পাৰ্টি(জেপিপি)ৰ ১২ নং জোনাই সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰাজেশ দেউৰীৰ সমৰ্থনত আজি জোনাইৰ ৰুক্মিণী গাঁৱৰ ৰুক্মিণী আলি মধ্য ইংৰাজী বিদ্যালয়ত আয়োজন কৰা হয় নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ৷ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সৈতে সংগতি ৰাখি মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আয়োজিত বিশাল ৰাজহুৱা সভাত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ উক্ত সভাত দেউৰী জনগোষ্ঠীৰ জাতীয় নেতা তথা জিমচাঁয়া জেপিপিৰ কেন্দ্ৰীয় সভাপতি মহেশ দেউৰীয়ে এয়া জাতি ৰক্ষাৰ এক সংগ্ৰাম বুলি উল্লেখ কৰে ৷

DAC Election 2022: জিমচায়া দলে গঠন কৰিব দেউৰী পৰিষদ-জেপিপিৰ কেন্দ্ৰীয় সভাপতি

লগতে অনাগত নিৰ্বাচনত জিমচাঁয়া দলে অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব মন্তব্য কৰে ৷ তদুপৰি দলীয় নেতা-কৰ্মীসকলেও সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত 968 গৰাকী ভোটাৰ থকা সমষ্টিটোত সাতশৰো অধিক ভোটত তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী তথা ৰাজেশ দেউৰীয়ে জয়লাভ কৰিব বুলি দাবী কৰে ৷

উল্লেখ্য যে, পূৰ্বৰ ২০ টা সমষ্টিৰ পৰিৱৰ্তে দেউৰী পৰিষদৰ সমষ্টিৰ সংখ্যা ইতিমধ্যে ২২টালৈ বৃদ্ধি কৰা হৈছে । ইয়াৰে তিনিটা সমষ্টি ক্ৰমে পিছলা, বাঁহগড়া আৰু শ্ৰীপানী সংৰক্ষিত আছে মহিলা জনজাতি প্ৰাৰ্থীৰ বাবে । অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকা একমাত্ৰ সমষ্টিটো হ’ল ডিব্ৰুগড় ।

অন্যান্য সমষ্টিকেইটা হৈছে - শদিয়া, কুণ্ডিল, মাৰ্ঘেৰিটা, টেঙাপানী, কটিয়ৰী, ৰাজাবাৰী, যোৰহাট, মাজুলী , চিচিবৰগাঁও, জোনাই, বৰদলনি, গোগামুখ, বৰদেউৰী, কাচিকটা, কিনাপথাৰ, বঙালমৰা, গাভৰু টুনীজান আৰু গহপুৰ ।

লগতে পঢ়ক:Bharat Jodo Yatra in Assam : ৮৩৪ কিলোমিটাৰ বাট সামৰি অসমত ১ নৱেম্বৰৰ পৰা ভাৰত জোড়ো যাত্রা

ABOUT THE AUTHOR

...view details