অসম

assam

ETV Bharat / state

‘মহা পবা মাৰাথান’ৰ আনুষ্ঠানিক শুভাৰম্ভ - DHEMAJI

পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথত জোনাই মহকুমা ছাত্ৰ সন্থাই ৰোপণ কৰিব 1 হাজাৰ গছপুলি ৷

‘মহা পবা মাৰাথান’ৰ আনুষ্ঠানিক শুভাৰম্ভ

By

Published : Jun 3, 2019, 2:57 PM IST

জোনাই 3 জুন :- জোনাই মহকুমা ছাত্র সন্থাই বিগত বছৰৰ দৰে পাঁচ জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা "মহা পবা মাৰাথান দৌৰ" অনুষ্ঠানৰ প্ৰাৰম্ভিক কাৰ্যসূচী দেওবাৰে আৰম্ভ কৰে বিশাল চাইকেল ৰেলীৰে । ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা বনাঞ্চলখনক ৰাষ্ট্ৰীয় বন্যপ্ৰাণীৰ সংৰক্ষিত বনাঞ্চল হিচাপে গঢ় দিয়াৰ বাবে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদেশ্যৰে ছাত্ৰ সংগঠনটোৰে দেওবাৰে এক বিশাল চাইকেল ৰেলী বাহিৰ কৰে । মহকুমাটোৰ লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষাক তুষেশ্বৰ মিৰি আগৰৱালাই উদ্বোধন কৰা চাইকেল ৰেলী জোনাইৰ ৰাংকপ তিনিআলিৰ পৰা আছুৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰী, জোনাই মহকুমা অতিৰিক্ত আয়ুক্ত প্ৰতিম দাস , জোনাইৰ জয়ন্ত টায়েৰ নেতৃত্বত ৰতনপুৰ পাদিগাঁও হৈ জোনাইৰ তিনিমাইল ঘাটৰ পৰা ঘূৰি আহি বাহিৰ চিলে ৰিগবি জেলেম ৰুকচিন হৈ জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সামৰণি পৰে । ইপিনে পাঁচ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা মহা পবা মাৰাথান দৌৰৰ অনুষ্ঠাটোৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে জোনাই মহকুমা ছাত্ৰ সন্থাই । বিশ্ব পৰিবেশ দিৱস উপলক্ষে ছাত্ৰ সংগঠনটোৱে এক হাজাৰ গছপুলি পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা শিলিখাগুৰি হৈ ৰায়েং সৈন্য বাহিনী চাউনী পথছোৱাৰ দুয়োকাষেৰে ৰোপণ কৰাৰ সংকল্প লৈছে ।‘

ABOUT THE AUTHOR

...view details