জোনাই, ১৭ নৱেম্বৰ : শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক এক অতি মধুৰ সম্পৰ্ক । সেয়ে এগৰাকী শিক্ষকক শিক্ষাৰ্থীৰ বাবে বন্ধু, দাৰ্শনিক তথা পথ প্ৰদৰ্শক হিচাবে কোৱা হয় (Teacher is friend philosopher and guide) । আনহাতে, এনে একোজন শিক্ষক থাকে যাৰ সংস্পৰ্শ কোনো শিক্ষাৰ্থীয়ে পাহৰিব নোৱাৰে । তেওঁৰ ব্যক্তিত্ব আৰু শিক্ষাদান শৈলীত নিমজ্জিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল । তেনে শিক্ষকৰ বিদায় বেলাত বেদনা গধুৰ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল (role of teachers in school and society) ।
আনহাতে, সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰতো দায়বদ্ধতা থাকে এগৰাকী শিক্ষকৰ । এগৰাকী শিক্ষকৰ জনপ্ৰিয়তাৰ মাপকাঠি সেয়ে হয়তো পৰিমাপ হয় তেওঁৰ বিদায় পৰত । নিজৰ শিক্ষা জীৱনৰ সামৰণি মাৰি যেতিয়া এগৰাকী জনপ্ৰিয় শিক্ষকে শিক্ষানুষ্ঠানৰ পৰা বিদায় লয়, সেই মুহূৰ্তটো ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুষ্ঠানখনৰ পৰিয়ালৰ বাবে অতি বেদনাদায়ক হৈ পৰে । তেনে এগৰাকী শিক্ষকৰ বিদায় পৰত ধেমাজিৰ এখন বিদ্যালয়ত সৃষ্টি হয় এক আবেগিক পৰিৱেশৰ (Jonai school teacher farewell function) ।
এগৰাকী অতি জনপ্ৰিয় শিক্ষক ৷ সকলোৰে প্ৰিয় কৃতি শিক্ষকগৰাকী অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰেও বিভূষিত হৈছে ৷ জীৱনৰ ৪০ টা বছৰ কেৱল শিক্ষকতা কৰিয়েই শ শ ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদৰূপে গঢ় দিলে । ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানৱ সম্পদ হিচাবে গঢ় দিয়াত অহৰহ সাধনা কৰা এইগৰাকী শিক্ষকৰ বিদায়ৰ পৰত জনোৱা হয় উষ্ম সম্বৰ্ধনা ৷