জোনাই,১ জুলাই : জোনাইত বানাক্ৰান্তৰ মাজত অবৰ্ণনীয় পৰিস্থিতি ৷ চিয়াং নদীৰ ভয়ংকৰ বান খহনীয়াত বেৰা চাপৰিত সম্পূৰ্ণকৈ জাহ গল ১৫ টাতকৈয়ো অধিক পৰিয়ালৰ বাসগৃহকে ধৰি সকলো সম্পত্তি ৷ তাৰোপৰি ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ডেৰ শতাধিক পৰিয়াল ৷ বেৰা চাপৰিৰ অন্তৰ্গত বেৰা বেংগলীৰ মথাউৰিত আশ্ৰয় ল'ব লগা হৈছে কণ কণ শিশু সহ বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকসকল।
যোৱা ১৫ টাতকৈ অধিক দিন মুক্ত আকাশৰ তলতে এইসকল গৃহহাৰা পৰিয়ালে তেওঁলোকৰ ঘৰচীয়া জীৱ জন্তুৰ লগতে সহবাস কৰি এতিয়া দিন পাৰ কৰিব লগা হৈছে ৷ আনহাতে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা এইসকল বানাক্ৰান্তৰ মাজত প্ৰয়োজনীয় খাদ্য, ত্ৰিপালকে ধৰি প্ৰয়োজনীয় বান সাহায্য যোগান নধৰাত মানুহৰ লগতে পশুধন সমূহেও সংকটত বিশেষকৈ খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে । সকলোৱে এমুঠি অন্নৰ বাবে কৰিব লগা হৈছে হাহাকাৰ ।
জানিব পৰা মতে বানাক্ৰান্ত ১৩১টা পৰিয়ালৰ মাজত মাথোঁ ৯খন আৰু ৪১টা পৰিয়ালৰ মাজত ১০খন ত্ৰিপাল দিয়েই প্ৰশাসনে সামৰিছে দায়িত্ব ৷ ১৫ দিনতকৈও অধিক সময় মুকলি আকাশৰ তলত এনেদৰে অনাহাৰে থকাৰ পাছতো মহকুমা প্ৰশাসনে ঘৰচীয়া জন্তু সমূহৰ বাবে পশুখাদ্য যোগান নধৰাত পশুৰ মাজতো স্বাস্থ্যৰ অৱনতি ঘটা দেখা গৈছে ৷