জোনাই, 25 জুলাই : এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে এখন গাঁৱৰ বাসিন্দাই । বছৰ বছৰ ধৰি এখন নদীৰ ঘোলা, লেতেৰা পানীকে খাই জীৱন অতিবাহিত কৰিছে গাঁওখনৰ ৰাইজে । একেদৰে সেই একেখন নদীৰে পানী খাই জীৱ-জন্তুৱে । যেন কোনোবা আদিম যুগতহে বসবাস কৰিছে গাঁওখনৰ লোক সকলে ৷
ধেমাজি জিলাৰ জোনাই মহকুমা (jonai sub division) কেমি জেলম পঞ্চায়তৰ অন্তৰ্গত নাহৰ জেলম গাঁৱত (Nahar Jalam village) দীৰ্ঘ দিনৰ পৰা চলি আছে এই সমস্যা ৷ জোনাই সদৰৰ পৰা প্ৰায় ৪ কিলোমিটৰ নিলগতে থকা নাহৰ জেলম গাঁৱখনক সম্প্ৰতিও ঢুকি পোৱা নাই উন্নয়নৰ পোহৰে । কেৱল খোৱা পানীয়ে নহয়, যাতায়াত, চিকিৎসা আদিকে ধৰি এশ এবুৰি সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক :জোনাইত ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ
জানিবপৰা মতে, প্রায় ৩০-৪০ টা পৰিয়ালে বছৰ বছৰ ধৰি বসবাস কৰে থকা নাহৰ জেলম গাঁওখনত ৷ ৰাইজে বিশুদ্ধ খোৱাপানীৰ বিকল্প ব্যবস্থা নথকাত লেকং নদীৰ ঘোলা লেতেৰা পানীকে খাই দিন অতিবাহিত কৰিব লগীয়া হৈছে ৷ চৰকাৰৰ জল জীৱন অভিযানে(jal jeevan mission) কোনো প্ৰভাৱ পেলাব পৰা নাই এইসকল লোকৰ মাজত ৷