অসম

assam

হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা নিৰ্দলীয় প্ৰাৰ্থীৰ

১১৩ নং ধেমাজি বিধানসভা সমষ্টিত শাসক বিৰোধীৰ সমান্তৰালভাৱে আয়ুৱ খাঙ ব্ৰহ্ম নামৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে মুষ্টিমেয় সমৰ্থকক লগত লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিটোৰ নৰোৱাথান পঞ্চায়তৰ চকলা দলনি ,বৰদলপাৰ আদি বিভিন্ন গাঁৱত ঘৰে ঘৰে গৈ হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা কৰিলে ৷

By

Published : Mar 17, 2021, 12:11 PM IST

Published : Mar 17, 2021, 12:11 PM IST

Updated : Mar 17, 2021, 1:51 PM IST

হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা নিৰ্দলীয় প্ৰাৰ্থীৰ
হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা নিৰ্দলীয় প্ৰাৰ্থীৰ

ধেমাজি,17 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমাৎ তীব্ৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ শাসক বিৰোধী উভয় পক্ষই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৷ নতুন নতুন কৌশলেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে ৷ষ্টাৰ কেম্পেইনাৰৰ ৰূপত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰে ভৰি পৰিছে অসম ৷মুঠতে সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থীৰ ভিৰ ৷

হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা নিৰ্দলীয় প্ৰাৰ্থীৰ

তাৰ মাজতে ধেমাজি জিলাত ব্যতিক্ৰমী ধৰণে প্ৰচাৰ চলালে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ ১১৩ নং ধেমাজি বিধানসভা সমষ্টিত শাসক বিৰোধীৰ সমান্তৰালভাৱে আয়ুৱ খাঙ ব্ৰহ্ম নামৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে মুষ্টিমেয় সমৰ্থকক লগত লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিটোৰ নৰোৱাথান পঞ্চায়তৰ চকলা দলনি ,বৰদলপাৰ আদি বিভিন্ন গাঁৱত ঘৰে ঘৰে গৈ হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা কৰিলে ৷

লগতে পঢ়ক:ৰজা হৈ প্ৰজাৰ মূল‍্য নুবুজা মন্ত্ৰী-বিধায়কক ভোট নিদিয়ে চাহ শ্ৰমিকে

Last Updated : Mar 17, 2021, 1:51 PM IST

ABOUT THE AUTHOR

...view details