জোনাই, ১৬ মে: দেশত এতিয়া ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ তাৰ সমান্তৰালভাৱে ৰাজ্যতো এতিয়া দিনক দিনে ক’ভিড পৰিস্থিতি জটিলৰ পৰা জটিলতাৰ দিশলৈ গতি কৰিছে ৷ চৰকাৰে এক প্ৰকাৰ আংশিক লক ডাউন দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
তাৰমাজতে ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতিৰ নিৰিক্ষণ কৰি তৃতীয় খন ক’ভিডৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ সেই নীতি নিৰ্দেশনা অনুসৰি দেওবাৰৰ পৰা দিনৰ 11 বজাৰ লগে লগে সকলো দোকান-পোহাৰ বন্ধ কৰাৰ লগতে দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷