জোনাই, ১৩ নৱেম্বৰ :ধেমাজি জিলাৰ চিমেন চাপৰিত পুৰণা চিমেন চাপৰি গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত অবৈধভাৱে চলিছে গৃহ নিৰ্মাণৰ কাম-কাজ । পঞ্চায়তৰ সভাপতিৰ (Panchayat President) বিৰুদ্ধে উঠিছে অবৈধ বেদখলৰ (Illegal encroachment) গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, পুৰণা চিমেন চাপৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ ভাঙি উক্ত অংশত চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতিৰ ছত্ৰছায়াত চিমেন চাপৰিৰ সন্দিকৈ মিলন গাঁৱৰ কাৰ্তিক ফুকন, হেমন্ত গগৈ, মনৰঞ্জন গগৈ, লাচিত বৰুৱা,১ নং চিমেন চাপৰি গাঁৱৰ ৰাতুল দত্ত, দাধৰা মাধুৰী গাঁৱৰ স্বপন বৰাই চলাই গৈছে অবৈধভাৱে গৃহ নিৰ্মাণকাৰ্য ।
সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনাক আওকাণ কৰি চৰকাৰী ভূমিত ন্যস্তস্বাৰ্থ মহলে চলাই যোৱা অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে উত্থাপিত হৈছে ৰাজহুৱা অভিযোগ । ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিমেন চাপৰি উন্নয়ন সমিতিয়ে (Simen Chapori Development Committee) দাবী উত্থাপন কৰাৰ লগতে কেইবাজনো লোকে চিমেন চাপৰি আৰক্ষী (Simen Cahpari Police)ক বিষয়টো অৱগত কৰে ।