জোনাই,11ফেব্ৰুৱাৰী:ধেমাজি জিলাৰ জোনাইত বুধবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এটা মোবাইল ফোন ভঙাক কেন্দ্র কৰি এগৰাকী মহিলাক কেৰাচিন ঢালি জীৱন্তে জ্বলাই দিয়ে স্বামীসহ পৰিয়ালৰ লোকে ৷ এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ জোনাইৰ কমলপুৰত। জানিব পৰামতে কমলপুৰৰ নূৰ আলি নামৰ লোকজনে বুধবাৰে নিশা পত্নী ৰীনা বেগমৰ সৈতে সাধাৰণ এটা মোবাইল ফোন ভাঙি যোৱাক লৈ কাজিয়াত লিপ্ত হয় ৷ পিছে সেই কাজিয়াই পিছত ভয়ংকৰ ৰূপ লয় ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, স্বামী নুৰ আলীয়ে মাতৃ বাতেহি বেগম আৰু তিনি ভাতৃ ক্রমে য়ককম আলী,আপাজুল আলী আৰু নজকল আলীৰ সৈতে মিলি পত্নী ৰীনা বেগমৰ গাত কেৰাচিন ঢালি অগ্নি সংযোগ কৰি হত্যা কৰাৰ চেষ্টা চলায় ৷ কিন্তু কথামপি প্ৰাণ ৰক্ষা পৰে ৰীনা বেগমৰ ৷
জোনাইত পত্নীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ - অসম চিকিৎসা মহাবিদ্যালয়
ধেমাজি জিলাৰ জোনাইত বুধবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এটা মোবাইল ফোন ভঙাক কেন্দ্র কৰি এগৰাকী মহিলাক কেৰাচিন ঢালি জীৱন্তে জ্বলাই দিয়ে স্বামীসহ পৰিয়ালৰ লোকে ৷
পত্নীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ
ইপিনে,সম্পূর্ণৰূপে অগ্নিদগ্ধ ৰীনা বেগমক ততাতৈয়াকৈ জোনাইৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমান অগ্নিদগ্ধ ৰীনা বেগম মৃত্যৰ সৈতে যুঁজি আছে অসম চিকিৎসা মহাবিদ্যালত ৷ আনহাতে এই শিহৰণকাৰী ঘটনাৰ সৈতে জড়িত তথা মূল অভিযুক্ত নুৰ আলিক জোনাই আৰক্ষীয়ে আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃডেকা সত্ৰীয়া পদৰ নিৰ্বাচনলৈ সাজু বৰপেটা জিলা প্ৰশাসন