অসম

assam

ETV Bharat / state

বিলুপ্তিৰ পথত জোনাইত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰী - 1950 চনৰ বৰ ভূঁইকঁপ

বিলুপ্তিৰ পথত জোনাইত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰী (Rajakhana pond at Jonai) ৷ আহোম ৰজা আৰিমত্তৰ দিনতে খন্দা হৈছিল এই পুখুৰীটো ৷ কিন্তু সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে ৰাজকীয় পৰিৱেশ আৰু ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা ৰজাদিনীয়া এই পুখুৰীটো ৷ জোনাইত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ পৰ্যটন-পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ৷

Historical Rajakhana pond
বিলুপ্তিৰ পথত জোনাইত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰী

By

Published : May 10, 2022, 1:22 PM IST

Updated : May 10, 2022, 2:15 PM IST

জোনাই, 10 মে': জোনাই আছে এটা বৃহৎ পুখুৰীৰ ৷ যাৰ নাম ৰজাখানা পুখুৰী ৷ জোনাইৰ ৰজাখানা পুখুৰীয়ে আজিও বহন কৰি আহিছে ৰাজকীয় পৰিৱেশ আৰু ঐতিহ্যৰ স্বাক্ষৰ (Rajakhana pond at Jonai) ৷ কিছু লোকৰ মতে, ইয়াক ৰাজগড় বুলিও জনা যায় । ৰজাই খন্দা এই পুখুৰীটোক কেন্দ্ৰ কৰি অঞ্চলটোৰ নাম ৰজাখানা হ’ল বুলি প্ৰবাদ আছে ৷

জনশ্ৰুতি অনুসৰি, আৰিমত্ত নামৰ এজন আহোম ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল । এই বৃহৎ তথা মৃত প্ৰায় পুখুৰীটো আয়তাকাৰ আৰু দীঘলে উত্তৰা দক্ষিণাকৈ 500 মিটাৰ আৰু বহলে পূব-পশ্চিম মুৱাকৈ আছে 400 মিটাৰ দৈৰ্ঘ্য । পুখুৰীটোৰ পাৰবোৰ এতিয়াও দেখিবলৈ পোৱা যায় 10-15 মিটাৰলৈকে ওখ ৷

ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰী

পুখুৰীটোৰ দক্ষিণ পশ্চিমফালে আজিও কিছুমান দম হৈ পৰা স্থানত আৰু মাটিৰ তলত পোত খাই থকা মধ্যযুগৰ ইটা দেখিবলৈ পোৱা যায় ৷

আনকি এই পুখুৰীটোৰ কাষতে প্ৰায় তিনিফুট উচ্চতাৰ শিলৰ টুকুৰাত অতি সুন্দৰকৈ খুন্দিত মানুহ, নানা জীৱ-জন্তুৰ ছবি দেখিবলৈ পোৱা গৈছিল । অনুমানিক তথ্য অনুসৰি, 1950 চনৰ বৰ ভূঁইকঁপত ইয়াৰ ঘৰ তথা অট্টালিকাবোৰ ভাঙি ছিন্ন-বিচ্ছিন্ন হৈ যায় ৷ ফলত পুৰণি সমলবোৰ চেদেলি-ভেদেলি হৈ পৰে ৷

লগতে পঢ়ক :Asom Divas Celebration : আজিও এলাগী হৈ ৰ'ল চ্যুকাফা মৈদাম

স্থানীয় ৰাইজে দাবী কৰা মতে, আজিও পুখুৰীটোৰ পাৰত মাটিৰ তলত সমাধিস্থ হৈ আছে বহু মধ্যযুগীয় ইটা, নানান প্ৰাচীন কীৰ্তিচিহ্নৰ ভগ্নাৱশেষ ৷ এই অঞ্চলটো এসময়ত জনশূন্য আৰু ঘন অৰণ্যৰে ভৰা আছিল । বয়োজ্যেষ্ঠসকলে কোৱা মতে, 1982 চনৰ ভাদ মাহত অৰুণাচল প্ৰদেশত পাহাৰ ভাঙি আহিছিল এক প্ৰলয় ৷

আহোম ৰজা আৰিমত্তই ৰজাখানা পুখুৰীটো খন্দাইছিল

বানৰ সোঁতে এই পুখুৰীৰ পাৰ ভাঙি পেলায় আৰু কালক্ৰমত পুখুৰীটোৰ মাজদি উপনদী ৰূপে এখন নৈ বৈ যায় ৷ বর্তমানেও বৃহৎ পুখুৰীটোৰ মাজেৰে বৈ থকা উপ নৈখনক জনা যায় ৰজাখানা নৈ (Rajakhana river at Jonai) হিচাপে । এই বৃহৎ পুখুৰীটোৰ ধ্বংসাৱশেষবোৰ আজিও ৰজাদিনীয়া ঐতিহ্যৰ স্বাক্ষৰ বহন কৰে ।

কোনো ৰাজকীয় পৰিয়ালৰ বাদে এনে ধৰণৰ বিশাল বিহাৰ তৈয়াৰ কৰা প্ৰায় অসম্ভৱ । মধ্যযুগীয় ইটা, খুন্দিত শিলৰ নমুনা আৰু পুখুৰীৰ পৰিৱেশ কোনোবা এটা যুগৰ এক সংস্কৃতিৰ জলন্ত নিদর্শন । ইয়াত নিশ্চয় কোনো ৰাজকীয় অৱদান সন্নিৱিষ্ট হৈ আছে । ৰজাখানা পুখুৰী বা ৰাজগড়ৰ সঠিক গৱেষণাই বুৰঞ্জীৰ পাতত এক নতুন অধ্যায় সন্নিৱিষ্ট হোৱাৰ পূৰ্ণ থল আছে ।

বিলুপ্তিৰ পথত জোনাইত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰী

গতিকে জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ (Archaeological Survey of India) ওচৰত দাবী জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :ডিমা হাছাও জিলাৰ ১১ টা স্থানত উদ্ধাৰ প্ৰাচীন শৈল্য জাৰ

Last Updated : May 10, 2022, 2:15 PM IST

ABOUT THE AUTHOR

...view details