জোনাই, 27 জুন :ধেমাজি জিলাৰ জোনাইৰ কেইবাখনো চৰ চাপৰি অঞ্চলত শনিবাৰে জোনাই স্বাস্থ্য বিভাগ (Jonai Health Department)ৰ উদ্যোগত ক’ভিড ভেকচিনেশ্যন (Covid Vaccination) শিবিৰ অনুষ্ঠিত হয় ৷ স্বাস্থ্য বিভাগৰ দলটো নাওঁ আৰু গৰু গাড়ীৰ সহায়ত চৰ চাপৰি অঞ্চল কেইটাত উপস্থিত হয় ৷ উল্লেখ্য যে, জোনাই মহকুমাত দহ খনতকৈ অধিক চৰ চাপৰি অঞ্চল আছে ৷
জোনাই স্বাস্থ্য বিভাগে (Jonai Health Department) বৰ্তমানলৈ পাঁচটা চাপৰিৰ প্ৰায় ৯০০ লোকক ভেকচিন প্ৰদান কৰাৰ লগতে কেইবাজনো লোকৰ ক’ভিড (Covid 19) টেষ্ট কৰিছে ৷ মহকুমাত বাকী থকা পাঁচটা চাপৰি অঞ্চলত শীঘ্ৰে ভেকচিন (Vaccine) প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিছে মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে ৷ আনহাতে, জোনাইৰ স্বাস্থ্য বিভাগ (Jonai Health Department)ৰ এই পদক্ষেপক প্ৰশংসা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে (State Health Department) ৷
আনহাতে, অলপতে ক'ভিড (Covid 19)ৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি জোনাইৰ কবু চাপৰি অঞ্চলক কৰ'ণামুক্ত কৰাৰ উদ্দেশ্যে জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জে বি ডেভেলভমেন্ট ট্ৰাষ্টৰ তত্বাৱধানত তথা অন্তৰংগ এন জি অ'ৰ সহযোগত 'বিশেষ প্ৰতিষেধক অভিযান' (Mega Vaccination Drive)ৰ অংশ হিচাপে 3 নং কবু চাপৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ক'ভিড প্ৰতিষেধক শিবিৰ (Covid Vaccination camp) অনুষ্ঠিত কৰা হয় ৷
উল্লেখ্য যে, ক'ভিড-19 (Covid 19)ক প্ৰতিহত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো অব্যাহত আছে 'বিশেষ প্ৰতিষেধক অভিযান' (Mega Vaccination Drive) ৷ চৰকাৰৰ এই প্ৰচেষ্টাৰ সঁহাৰি জনাই ৰাইজ স্বতঃস্ফূৰ্তভাৱে প্ৰতিষেধক গ্ৰহণৰ বাবে ওলাই আহিছে যদিও ঠাইয়ে ঠাইয়ে প্ৰতিষেধক (Vaccination) প্ৰদান প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰতিষেধক (Vaccination) গ্ৰহণৰ বাবে যোৱাৰ পাচতো প্ৰতিষেধক নোলোৱাকৈ ওভতি আহিব লগা পৰিস্থিতিৰ ফলত স্বাভাৱিকতে এতিয়া ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক :ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য