অসম

assam

By

Published : Nov 24, 2020, 10:36 AM IST

ETV Bharat / state

অসম অৰুণাচল সীমান্তত সেউজ বিপ্লৱ ভৱেন হালৈৰ

পথাৰ দিৱসৰ উপলক্ষে জিলা উপায়ুক্তই পৰিদৰ্শন কৰিলে কৃষকৰ পথাৰ ৷ অসম অৰুণাচল সীমান্তত সেউজ বিপ্লৱৰ সূচনা কৰিছে উদ্যমী কৃষক ভৱেন হালৈয়ে ৷

অসম অৰুণাচল সীমান্তত সেউজ বিপ্লৱ ভৱেন হালৈৰ
অসম অৰুণাচল সীমান্তত সেউজ বিপ্লৱ ভৱেন হালৈৰ

ধেমাজি, 24 নৱেম্বৰঃযি সময়ত দেশত সংস্থাপনৰ অভাৱত নিবনুৱা মাজত হাহাঁকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তেনে সময়ত অসম অৰুণাচল সীমান্তৰ নিলখ তৰানি পথাৰৰ 40 বিঘা আবাদী ভূমিত পাচলি খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে ৷ ইতিমধ্যে বজাৰলৈ উলিয়াই দিছে ৬০ টকাৰ মূল্যৰ ৰঙালাও ৷ ধেমাজি জিলাৰ উপৰিও। সুদুৰ চৰাই দেউলৈও বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে উন্নতমানৰ ৰঙালাউ ৷ ৰঙালাুউৰ উপৰিও মিঠা আলু,বিন জাতীয় পাচলি,ষ্ট্ৰবেৰী,ডাংপতি আদি খেতি কৰিছে কৃষকজনে ৷

উল্লেখ্য যে পথাৰ দিৱস উপলক্ষে সোমবাৰে ধেমাজি জিলাৰ উপায়ুক্তই অঞ্চলটোৰ উদ্যমী কৃষকগৰাকীৰ খেতি পৰিদৰ্শন কৰি উচ্চ প্ৰশংসা কৰে ৷ ইপিনে ধেমাজি জিলা কৃষি বিভাগৰ পৰা বিশেষ ভাৱে সঁহাৰি লাভ কৰা নাই যদিও চিলাপথাৰ কৃষি বিকাশ কেন্দ্ৰৰ পৰা কিছু উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰে কৃষকগৰাকীয়ে ৷
লগতে চাওকঃ শোকস্তব্ধ ডলী গগৈলৈ পত্ৰ প্ৰেৰণ মনমোহন সিঙৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details