ধেমাজি, ২৫ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ শুকুৰবাৰৰ পৰা আৰম্ভ হয় (Golden Jubilee of Foundation Day of Hansra Namghar)। দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ঐতিহাসিক হাঁহচৰা গাঁৱৰ নামঘৰ পৰিচালনা সমিতি আৰু গাঁওবাসীৰ সহযোগত হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ গৌৰৱজ্বল সোণালী জয়ন্তী বৰ্ষটো নামঘৰ প্ৰাংগনত উদযাপন কৰা হৈছে ৷ আজিৰ পৰা পাঁচ দশক পূৰ্বে গাঁওখনৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিয়ে আৰম্ভ কৰা এই হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠাৰ সোণোৱালী ক্ষণক লৈ গঞা ৰাইজৰ মাজত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।
উল্লেখ্য হাঁহচৰা গাঁৱৰ ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯৬২ চনতে হাঁহচৰা নামঘৰটো প্ৰতিষ্ঠা কৰা হৈছিল ৷ এই অনুষ্ঠানটোৱে ২০১২ বৰ্ষতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰে যদিও বিশেষ অসুবিধাৰ বাবে আয়োজন কৰিব পৰা নাছিল । অৱশ্য়ে পিছত নামঘৰৰ গৰিমা জীয়াই ৰখাৰ লগতে গাওঁবাসীৰ মাজত একতাৰ এনাজৰীডাল সুদৃঢ় কৰাৰ স্বাৰ্থতে এই বৰ্ষৰ 24 আৰু 25 ফ্ৰেবুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ হাঁহচৰা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষৰ কালি প্ৰথম দিনা কেইবাটাও কাৰ্যসূচীৰে আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।
প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত উষা কীৰ্ত্তন অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ পিছতেই সামূহিক চাফাই অভিযান চলোৱা হয় । ইয়াৰ পিছত পুৱা ৯ বজাত ৫০ খন পতাকা গাঁওখনৰ বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে ৷ ইপিনে,স্থায়ী পতাকা উত্তোলন কৰে স্থায়ী সমিতিৰ সভাপতি আনন্দ ভৰালীয়ে ৷ সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হৰেন্দ্ৰনাথ গগৈয়ে ৷ এই অনুষ্ঠানটোৰ পিছতেই স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক শৰৎ চন্দ্ৰ চুতীয়াই ৷