অসম

assam

ETV Bharat / state

সামৰণি পৰিল হাজং জাতীয় পৰিষদ, হাজং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন - হাজং ছাত্ৰ সন্থা

সামৰণি পৰিল হাজং জাতীয় পৰিষদৰ 84 সংখ্যক আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ 36 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ ৷ 8 ডিচেম্বৰৰ পৰা বিস্তৃত কাৰ্য্যসূচীৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই অনুষ্ঠান ৷

General Conference of Hajong Jatiya Parishad
সাংস্কৃতিক শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 9:02 PM IST

সামৰণি পৰিল হাজং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন

জোনাই, 11 ডিচেম্বৰ :ধেমাজি জিলাৰ চিমেনমুখ মাজৰবাৰীৰ হৰিনাথপুৰ হাজং গাঁৱত 8 ডিচেম্বৰৰ পৰা বিস্তৃত কাৰ্য্যসূচীৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা অসম হাজং জাতীয় পৰিষদৰ 84 সংখ্যক আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ 36 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি সামৰণি পৰে ৷ সোমবাৰে পুৱা 9.30 বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে জিলা কাৰাগাৰৰ অৱসৰপ্ৰাপ্ত অধীক্ষক বীৰেশ চন্দ্ৰ হাজঙে ৷ সাংস্কৃতিক শোভাযাত্ৰাত হাজং, বড়ো, মিচিং, ৰাভা, বৰ্মন কছাৰী কৃষ্টি দলে অংশগ্ৰহণ কৰে ৷ দুপৰীয়া ১২ বজাৰ পৰা ৰঘুনাথ হাজঙৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাখন উদ্ধোধন কৰে অসম হাজং জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি কানুৰাম হাজঙে ৷

তেওঁ কয় যে, 1939 চনত উত্তৰ-পূৰ্বাঞ্চলৰ হাজং সমাজৰ উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ বাবে অবিভক্ত অসমৰ গোৱালপাৰা জিলাৰ কৰাইবাৰী পৰগনাৰ পুঠিমাৰী গাঁৱত হাজং জাতিৰ সভা অনুষ্ঠিত কৰি সদৌ অসম হাজং উন্নয়ন সমিতি গঠন কৰা হৈছিল ৷ পৰৱৰ্তী কালত ইয়াক 1985 চনত অসম হাজং জাতীয় পৰিষদ হিচাপে নামাকৰণ কৰা হয় বুলি কয় তেওঁ ৷ তেওঁ কয় যে, হাজং সকল বৰ্তমান বিভিন্ন জাতীয় সমস্যাৰে জৰ্জৰিত হৈ আছে আৰু কোনো এখন চৰকাৰে হাজং সকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সংস্কৃতিৰ বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সেয়েহে হাজং সকলৰ সুৰক্ষা, নিৰাপত্তা আৰু সৰ্বাংগীন উন্নয়নৰ বাবে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি যাব লাগিব বুলি কয় তেওঁ ৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম হাজং জাতীয় পৰিষদৰ মুখপাত্ৰ সুনীলাল হাজং ৷

মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি দীপক দে', অখিল অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা ৷

লগতে উপস্থিত থাকে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰী, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰশান্ত সোণোৱাল, কাৰ্যালয় সম্পাদক প্ৰফুল্ল কছাৰী, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ উপদেষ্টা অজয় চক্ৰৱৰ্তী, চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগু, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন,অখিল অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়া ৷ মুকলি সভাত হাজং, মিচিং, বড়ো, কৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক :জোনাই বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ সামৰণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details