অসম

assam

চোৰাং ব্যৱসায়ীৰে মিতিৰালি ! বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই অন্তৰ্ধান জব্দকৃত চোৰাং কাঠসহ নাও

By

Published : Jul 5, 2022, 6:40 PM IST

Updated : Jul 5, 2022, 9:37 PM IST

জোনাইৰ বন বিভাগৰ(Jonai Forest Range Division) বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ কাঠৰ চোৰাং ব্যৱসায়ীৰে বন বিভাগৰ লোকৰ মিতিৰালিৰ অভিযোগ উত্থাপন কৰিছে দল-সংগঠন, স্থানীয় লোকে ৷ 1 জুলাইত স্থানীয় সংগঠনৰ সদস্যৰ লগতে একাংশ সাংবাদিকে জব্দ কৰা কাঠসহ এখন নাও বন বিভাগে মুকলি কৰি দিয়াৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জোনাইত ৷

Jonai Forest Range Division
বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই অন্তৰ্ধান জব্দকৃত চোৰাং কাঠসহ নাও

জোনাই, 5 জুলাই: বন বিভাগে নহয়, স্থানীয় TMPK সদস্য আৰু সাংবাদিকে জব্দ কৰি জোনাই বন বিভাগক চমজাই দিছিল চিয়াং নদীৰ(Siang River in Jonai) বুকুৰে চোৰাংকৈ সৰবৰাহ কৰা কাঠৰ কুন্দাৰ লগতে এখন ইঞ্জিন চালিত নাও ৷ কিন্তু ৰহস্যজনকভাৱে বন বিভাগৰ জিম্মাৰ পৰা নিশাৰ ভিতৰতে অন্তৰ্ধান হ’ল জব্দ কৰা নাওসহ কাঠৰ কুন্দাবোৰ ৷

ফলত জোনাই বন বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চিলে আঞ্চলিক TMPK ই ৷ উল্লেখ্য যে, দেওবাৰে চিয়াং নদীত দুষ্কৃতিকাৰীয়ে চোৰাংকৈ কাঠৰ কুন্দা নি থকা অৱস্থাত চিলে আঞ্চলিক TMPK আৰু স্থানীয় একাংশ সাংবাদিকে যুটীয়া অভিযান চলাই নাওসহ কাঠৰ কুন্দাসমূহ জব্দ কৰি চমজাই দিছিল জোনাই বন বিভাগৰ অন্তৰ্গত তিনিমাইল বিট অফিচত (Tinimile Beat Office under Jonai Forest Range Office)৷

বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই অন্তৰ্ধান জব্দকৃত চোৰাং কাঠসহ নাও

কিন্তু তিনিমাইল বিট অফিচত থকাৰ অৱস্থাত বন বিভাগৰ জিম্মাৰ পৰা সন্দেহজনকভাৱে কাঠৰ কুন্দাসমূহ চোৰাংকৈ নিশাৰ ভিতৰতে অন্তৰ্দ্ধান হোৱাৰ কাৰ্যত বন মাফিয়া আৰু বনবিভাগৰ মাজত গোপন বুজাবুজি থকাৰ সন্দেহ প্ৰকাশ কৰিছে চিলে আঞ্চলিক TMPK ৰ লগতে বিভিন্ন দল-সংগঠনে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ধেমাজিৰ পবা সংৰক্ষিত বনাঞ্চলৰ(Poba Reserve Forest) পৰা অবৈধভাৱে গছ কাটি চিয়াং নদীৰ বুকুৱেদি চোৰাংকৈ সৰবৰাহ কৰা দুষ্কৃতিকাৰীৰ জোনাই বন বিভাগৰ একাংশৰে সৈতে বুজাবুজি থকা বুলি উত্থাপিত হৈ আহিছে গুৰুতৰ অভিযোগ (Illegal logging in Jonai)৷ ইফালে পবা বনাঞ্চলত মুক্তভাৱে চলি থকা কাঠৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ লগতে উক্ত কাৰ্যত জড়িত বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় TMPK আৰু বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়ক:চিয়াং নৈৰ বুকুৰে অবাধে চলিছে কাঠৰ চোৰাং সৰবৰাহ

Last Updated : Jul 5, 2022, 9:37 PM IST

ABOUT THE AUTHOR

...view details