অসম

assam

ETV Bharat / state

জোনাইত আৰ্তজনক খাদ্যসামগ্ৰী বিতৰণ - অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী

ৰিপাব্লিকান পাৰ্টি অফ্ ইণ্ডিয়া(এ)ৰ অসম প্ৰদেশৰ উদ্যোগত বৰ্তমানলৈকে ১৫০০ পৰিয়ালৰ মাজত সাহাৰ্য সামগ্ৰী প্ৰদান কৰাৰ উপৰিও আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়োৱা হৈছে ৷ মঙলবাৰেও জোনাইৰ মহমৰা গাঁৱত ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া(এ)ৰ অসমৰ প্ৰদেশৰ সভাপতি তথা সমাজ কৰ্মী হিতেশ দেউৰীৰ নেতৃত্বত ১২০ টা পৰিয়ালত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

food relief by The Republican Party of India(A) at jonai
ৰিপাব্লিকান পাৰ্টি অফ্ ইণ্ডিয়া(এ)ৰ অসম প্ৰদেশ সমিতিৰ উদ্যোগত জোনাইত খাদ্য সামগ্ৰী বিতৰণ

By

Published : May 20, 2020, 12:42 PM IST

জোনাই, 20মে':কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যজুৰি চলি থকা লক ডাউনৰ ফলত খাদ্য সংকটত ভুগিছে ৰাজ্যৰ বহু পৰিয়াল ৷ তেনে সময়তে, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত খাদ্য সংকটত পৰা পৰিয়ালৰ কাষত থিয় দিছে ৰিপাব্লিকান পাৰ্টি অফ্ ইণ্ডিয়া(এ)ৰ অসম প্ৰদেশ কমিটীয়ে ৷ ৰিপাব্লিকান পাৰ্টি অফ্ ইণ্ডিয়া(এ)ৰ অসম প্ৰদেশৰ উদ্যোগত বৰ্তমানলৈকে ১৫০০ পৰিয়ালৰ মাজত সাহাৰ্য সামগ্ৰী প্ৰদান কৰাৰ উপৰিও আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়োৱা হৈছে ৷ মঙলবাৰেও জোনাইৰ মহমৰা গাঁৱত ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া(এ)ৰ অসমৰ প্ৰদেশৰ সভাপতি হিতেশ দেউৰীৰ নেতৃত্বত ১২০ টা পৰিয়ালত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

ৰিপাব্লিকান পাৰ্টি অফ্ ইণ্ডিয়া(এ)ৰ অসম প্ৰদেশ সমিতিৰ উদ্যোগত জোনাইত খাদ্য সামগ্ৰী বিতৰণ

হিতেশ দেউৰীয়ে মাৰাত্মক ক'ৰণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লক ডাউনৰ সময়ত কোনো পৰিয়ালত যাতে খাদ্যৰ অভাৱ নহয় তাৰে প্ৰতি লক্ষ্য ৰাখিয়েই এনেধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ কথা জানিবলৈ দিয়ে ৷ কিদৰে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজৰ লগতে অন্য লোকক ৰক্ষা কৰিব পাৰি এই সম্পৰ্কেও সজাগতাৰ সৃষ্টি কৰে ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া(এ)ৰ অসমৰ প্ৰদেশৰ সভাপতি তথা সমাজ কৰ্মী হিতেশ দেউৰীয়ে ৷

লগতে পঢ়কঃগুজৰাটৰ পৰা পদব্ৰজে চৰাইদেউত উপস্থিত যুৱক

ABOUT THE AUTHOR

...view details