অসম

assam

By

Published : May 27, 2021, 10:48 PM IST

ETV Bharat / state

ধেমাজিত নিঃস্ব পৰিয়ালৰ মাজত চেড’ৰ খাদ্য সামগ্ৰী বিতৰণ

কৰ'ণাৰ বাবে যিসকল কৃষকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই, সেইসকল কৃষকৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰে চেড’ আৰু দিল্লীৰ গূঞ্জ নামৰ সংগঠন দুটাই ৷ ইয়াৰ জৰিয়তে সংগঠন দুটাই ক্ষতিগ্ৰস্ত কৃষকক কিছু পৰিমানে সকাহ দিয়াৰ চেষ্টা কৰে ৷

food-distribution-by-sedo
ধেমাজিত নিঃস্ব পৰিয়ালৰ মাজত চেড’ৰ খাদ্য সামগ্ৰী বিতৰণ

ধেমাজি, 27 মে’ : ধেমাজিৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান Socio economic development organization চমুকৈ চেড’য়ে দিল্লীৰ গূঞ্জ নামৰ অনুষ্ঠানৰ সহযোগত বুধবাৰে গ্ৰামাঞ্চলৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ সংগঠন দুটাই ধেমাজিৰ মাটিখোলা আৰু কমাৰগাঁৱৰ ৩৯ টা পৰিয়ালৰ মাজত চাউল, দালি, মিঠাতেল আৰু শাক-পাচলি বিতৰণ কৰে ৷

সংগঠনটোৱে ক’ভিড প্ৰ’টকল মানি কৰ'ণা মহামাৰীৰ বাবে উপাৰ্জন পথ বন্ধ হৈ পৰা লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ তেওঁলোকে কৰ'ণাৰ বাবে যিসকল কৃষকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই, সেইসকল কৃষকৰ পৰা এই সামগ্ৰীসমূহ ক্ৰয় কৰিছে ৷ ইয়াৰ জৰিয়তে সংগঠন দুটাই ক্ষতিগ্ৰস্ত কৃষকক কিছু পৰিমানে সকাহ দিয়াৰ চেষ্টা কৰিছে বুলি সংগঠনটোৰ নেতৃবৃন্দই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:শৰাইঘাট দলঙত মৃতদেহ উদ্ধাৰৰ ঘটনাত তিনি অভিযুক্ত গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details