অসম

assam

By

Published : Dec 26, 2020, 10:31 PM IST

ETV Bharat / state

ধেমাজিত জংঘলে আৱৰি ধৰিছে পানী যোগান আঁচনি

ধেমাজিত জংঘলে আৱৰি ধৰিছে পানী যোগান আৰু শৌচাগাৰৰ নৱ নিৰ্মীত আঁচনিখন ৷ 2019 চনৰ ২৪ চেপ্তেম্বৰত আনুষ্ঠানিক ভাৱে মুকলি কৰা আঁচনি খন বৰ্তমানেও কাৰ্যক্ষম নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ বিভাগীয় লোকৰ গাফিলতিৰ বাবেই আঁচনি খন কাৰ্যক্ষম নোহোৱাৰ অভিযোগ অঞ্চলবাসীৰ ৷

Flop_show_NHPc_mineral_water_scheme
ধেমাজিত জংঘলে আৱৰি ধৰিছে পানী যোগান আঁচনি

ধেমাজি,26ডিচেম্বৰ:ধেমাজিত জংঘলে আৱৰি ধৰিছে NHPCৰ পানী যোগান আৰু শৌচাগাৰৰ বৃহৎ আচনিখন ৷ ৰাইজৰ সেৱাৰ উদ্দেশ্যৰে NHPCৰ CSR আৰু SD POLICY আঁচনিৰ অধীনত ধেমাজি নগৰৰ তিনিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মিত হোৱা আৰ.অ. মিনাৰেল পানী যোগান আৰু শৌচাগাৰৰ নৱ নিৰ্মীত আঁচনিখন সম্প্ৰতি হাবি জংঘলেৰে ভৰি পৰিছে ৷

উল্লেখ্য যে, ২০১৯ চনৰ ২৪ চেপ্তেম্বৰতে আঁচনিখন আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল ৷ কিন্তু আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল আঁচনি খন ৷ যাৰ বাবে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ লক্ষ্যাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা আঁচনি খনৰ দুৰৱস্থাত এতিয়া চিন্তিত সাধৰণ জনতা ৷ বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বহুবাৰ অৱগত কৰিছে যদিও বিভাগীয় লোকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

অন্য এক খবৰৰ বাবে:বিহাৰৰ দৰেই শক্তিশালী কৰা হ'ব অসমৰ মহিলা বিজেপি গোট

ABOUT THE AUTHOR

...view details