অসম

assam

ETV Bharat / state

জোনাইৰ বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ - শিক্ষা সম্পাদক

জোনাইৰ বন্যাৰ্তৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে টি এম পি কে, টি এম এম পি কে আৰু এম এম কে সংগঠন কেইটাই ৷ প্ৰায় 55 কুইন্টল চাউল আলু , দালি , নিমখৰ লগতে নগদ ডেৰ লাখ টকা বানাক্ৰান্ত ৰাইজক সাহাৰ্য আগবঢ়োৱাৰ লগতে তিনিটা বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ।

Flood Relife Disrtibute In Jonai
জোনাইৰ বন্যাৰ্তৰ মাজত আদি মিচিং বাঃনে কৌবাঙৰ সাহাৰ্য বিতৰণ

By

Published : Aug 30, 2020, 5:32 PM IST

জোনাই, 30 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাসৰ সমান্তৰালভাবে সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে তচ-নচ কৰিছে ৰাজ্যবাসীক ৷ ৰাজ্য়ৰ অন্য জিলাৰ লগতে ধেমাজি জিলাতো বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছিল ৷ দেওবাৰে জিলাখনৰ জোনাইৰ বন্যাৰ্তৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে টি এম পি কে, টি এম এম পি কে আৰু এম এম কে সংগঠন কেইটাই ৷

মিচিং বাঃনে কৌবাঙৰ (AMBK)ৰ উদ্যোগত টি এম পি কে, টি এম এম পি কে আৰু এম এম কে জোনাই জিলা সমিতিৰ সহযোগত জোনাইৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰিলে সংগঠনটোৱে । আদি মিচিং বা:নৌ কৌবাঙৰ সভাপতি ৰাজু মেদক আৰু সাধাৰণ সম্পাদক অকম য়চুঙৰ নেতৃত্বত অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ AMBK জিলা সমিতিৰ সভাপতি তাচিং লৃবাং, AMBK সভানেত্ৰী আপি কাম্ব আৰু ইষ্ট চিয়াং জিলাৰ AMBK জিলা সমিতিৰ সভাপতি বাচু ইৰিঙ সম্পাদক কাতেম দাই আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন আদি মিচিং সমাজৰ সহায় সহযোগিতাত প্ৰায় 55 কুইন্টল চাউল আলু , দালি , নিমখৰ লগতে নগদ ডেৰ লাখ টকা বানাক্ৰান্ত ৰাইজক সাহাৰ্য আগবঢ়োৱাৰ লগতে তিনিটা বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ।

জোনাইৰ বন্যাৰ্তৰ মাজত আদি মিচিং বাঃনে কৌবাঙৰ সাহাৰ্য বিতৰণ

আনহাতে, টি এম পি কে, এম এম কে, টি এম এম কে জোনাই জিলা সমিতিৰ সহযোগত খাদ্য সামগ্ৰী সমূহ বেৰা চাপৰি, মেম্বাৰ চোক আৰু গালি ঘাটৰ বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত বিতৰণ কৰাৰ উপৰিও জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ট্ৰিজে হাইস্কুলত শিবিৰ পাতি থকা বানাক্ৰান্ত ৰাইজৰ মাজত নগদ ধনৰ লগতে সাহাৰ্য সামগ্ৰী বিতৰণ কৰা হয় । উক্ত কাৰ্যসূচীত AMBK ৰ উপ-সভাপতি মজিত পাৱ, সম্পাদক দীন নৰহ , অৰুণাচল প্ৰদেশৰ ডি এফ অ বকেন পাৱ , AMBK ইষ্ট চিয়াং জিলাৰ সম্পাদিকা কল্পনা চিতেক, উপদেষ্টা ডঃ গেপেঙ লৃতিন, ৰুকচিন মূৰকং চেলেক AMBK ব্লক সভাপতি তাকিয়াম টায়িং, চিলে ব্লকৰ সভাপতি টামাত টাকৰ‌ উপৰিও টি এম পি কে ৰ কেন্দ্ৰীয় সদস্য তুষাৰ ঙাতে, পংকিল পাতিৰ টি এম এম কেৰ কেন্দ্ৰীয় সদস্যা বিনীতা চাৰহ, জোনাই জিলা টি এম পি কে ৰ সম্পাদক বিধান মিলি, শিক্ষা সম্পাদক বিনেশ পাতিৰ, সদস্য নিত্যা পেগু, ঘন নৰহ, এম এম কেৰ সম্পাদক দীন পেগু, টি এম এম কেৰ সম্পাদিকা ডিম্পল কুলি, উপ-সভানেত্ৰী দিপিকা পেগুৰ লগতে বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

জোনাইৰ বন্যাৰ্তৰ মাজত আদি মিচিং বাঃনে কৌবাঙৰ সাহাৰ্য বিতৰণ

লগতে পঢ়ক : এবছৰত নিৰ্মাণ হ’ব লগীয়া গড়কাপ্তানি পথৰ আধাও হৈ নুঠিল দুবছৰে

ABOUT THE AUTHOR

...view details