সাহাৰ্য প্ৰদানত প্ৰতিকূল বতৰৰ বাধা
কবু চাপৰিত জলবন্দী হাজাৰ হাজাৰ লোক ৷ মানুহৰ লগতে পোহনীয়া জন্তুৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকট ৷ প্ৰতিকূল বতৰ আৰু চিয়াং নদীৰ কোবাল সোঁত তথা ঘন কুঁৱলীৰ বাবে বান সাহাৰ্য প্ৰদানত সমস্যা ৷ অন্য ব্যৱস্থাৰে খাদ্য আৰু চিকিৎসাৰ সামগ্ৰী প্ৰেৰণৰ অনুৰোধ ৷
জোনাই, 13 জুলাই : বিগত এসপ্তাহ ধৰি চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈ থকা জোনাইৰ কবু চাপৰিত আজিও জলবন্দী হৈ আছে হাজাৰ হাজাৰ লোক । কবু চাপৰিত মানুহৰ লগতে পোহনীয়া জন্তুৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকট ৷ শুক্ৰবাৰে জোনাই মহকুমা প্ৰশাসনে কবু চাপৰিত চিয়াং নদীৰ বানত আৱদ্ধ হৈ থকা প্ৰায় 557 তা পৰিয়ালৰ 3274 গৰাকী বন্যাৰ্তলৈ তিনি দিনৰ বাবে এখন ফেৰীৰে চাউল দাইল নিমখ আদি বান সাহাৰ্য যোগান ধৰাৰ ব্যৱস্থা কৰে যদিও প্ৰতিকূল বতৰ আৰু চিয়াং নদীৰ কোবাল সোঁত তথা ঘন কুঁৱলীৰ বাবে বান সাহাৰ্য নিব নোৱাৰিলে কবু চাপৰিলৈ ৷ যাৰ বাবে প্ৰশাসনে বান সাহাৰ্য সামগ্ৰীসমূহ ফেৰীতে ৰাখিবলৈ বাধ্য হয় নিশাটো । যোৱা দুদিন ধৰি চিয়াং নদীৰ বাঢ়নী পানীৰ কোৱাল সোঁত অপৰিৱৰ্তিত অৱস্থাত থকাৰ বাবে প্ৰশাসনে যোগান ধৰা বান সাহাৰ্য আজিও নাওঁসহ আৱদ্ধ হৈ আছে যাৰ বাবে কণ কণ শিশুৰ লগতে বানাক্ৰান্ত ৰাইজ তীব্ৰ খাদ্য সংকটত পৰিছে বুলি জানিব পৰা গৈছে | প্ৰশাসনক অন্য ব্যৱস্থাৰে হলেও খাদ্য আৰু চিকিৎসাৰ সামগ্ৰী প্ৰেৰণৰ বাবে অনুৰোধ জনাইছে বানক্ৰান্ত ৰাইজে |